বয়সৰ ব্যৱধান ৪০ বছৰ! যৌন সম্পৰ্কৰ বিতৰ্কৰ উত্তৰত ওম পুৰীৰ এনে যুক্তি

Nov 21, 2025 | 8:37 PM

ওম পুৰীৰ পত্নী নন্দিতা পুৰীয়ে লিখা অভিনেতাগৰাকীৰ জীৱনী গ্ৰন্থ ‘Unlikely Hero: The Story of Om Puri’ৰ মুক্তিৰ সময়ত এই বিতৰ্কৰ সূত্ৰপাত হৈছিল। গ্ৰন্থখনত ওম পুৰীয়ে মাত্ৰ ১৪ বছৰ বয়সত এগৰাকী ৫৫ বছৰীয়া কাম কৰা মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা বুলি উল্লেখ কৰা হৈছিল।

বলীউডৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ অভিনেতা হিচাপে পৰিচিত ওম পুৰী। নিজৰ সপ্ৰতিভ অভিনয়ৰ লগতে ওম পুৰীয়ে সততে বিতৰ্কৰ বাবেও শিৰোনাম দখল কৰে। এক কথাত বিতৰ্ক আৰু ওম পুৰী যেন ইটো মুদ্ৰাৰে ইপিঠি সিপিঠি। কিন্তু এইধৰণৰ বিতৰ্কই ওম পুৰীক কোনোদিনেই সমস্যাত পেলাব পৰা নাছিল। ইয়াৰ পৰিৱৰ্তে অভিনেতাগৰাকীয়ে সকলো বিতৰ্কৰ ক্ষেত্ৰতে স্পষ্টভাৱে নিজৰ মত প্ৰকাশ কৰিছিল। নানা বিতৰ্কই আগুৰি থকা ওম পুৰীৰ জীৱনৰ আটাইতকৈ ডাঙৰ বিতৰ্ক হিচাপে চৰ্চিত হৈছিল তেওঁৰ যৌন সম্পৰ্কৰ প্ৰসঙ্গ।

ওম পুৰীৰ পত্নী নন্দিতা পুৰীয়ে লিখা অভিনেতাগৰাকীৰ জীৱনী গ্ৰন্থ ‘Unlikely Hero: The Story of Om Puri’ৰ মুক্তিৰ সময়ত এই বিতৰ্কৰ সূত্ৰপাত হৈছিল। গ্ৰন্থখনত ওম পুৰীয়ে মাত্ৰ ১৪ বছৰ বয়সত এগৰাকী ৫৫ বছৰীয়া কাম কৰা মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা বুলি উল্লেখ কৰা হৈছিল। ইয়াৰ পিছতে সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত ওম পুৰীয়ে দিছিল এক বিশেষ যুক্তি।