হ’ব নেকি বিলুপ্ত? ভাৰতত তীব্ৰগতিত হ্ৰাস পাইছে উটৰ সংখ্যা…
ৰাজস্থানলৈ ফুৰিব যোৱাৰ সময়ত বহুতে উটত উঠাৰ সপোন থাকে। কিন্তু এতিয়া যেন এই সপোন পূৰণৰ ক্ষেত্ৰত কিছু বাধা আহি পৰিছে। কিয়নো উদ্বেগজনকভাৱে হ্ৰাস পাইছে উটৰ সংখ্যা।
ৰাজস্থানলৈ ফুৰিবলৈ গ’লে উটত উঠাৰ সপোন প্ৰায় সকলোৰে থাকে। কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে এক উদ্বেগজনক তথ্য। এই তথ্য চাই ক’ব পাৰি যে সম্ভৱতঃ ভৱিষ্যতে উট দেখাৰ সুযোগ হেৰুৱাব লাগিব।১৯৭৭ চনৰ উটৰ লোকপিয়লৰ তুলনাত দেশত উটৰ সংখ্যা হ্ৰাস পাইছে প্ৰায় ৭৭ শতাংশ। এনে পৰিস্থিতি হৈ থাকিলে এটা সময়ত উট নোহোৱা হৈ যাব বুলি আশংকা কৰা হৈছে।
ভাৰতৰ সবাতোকৈ বেছি উট পোৱা যায় ৰাজস্থানত। পাছত গুজৰাট।ভাৰতত প্ৰধানকৈ পাঁচটা প্ৰজাতিৰ উট পোৱা যায়। বিকানেৰ, মেৱাৰী আৰু জয়ছালমেৰী উটে থৰ মৰুভূমিত বাস কৰে। আনহাতে কচ্চ আৰু খৰাই উটে গুজৰাটৰ ৰান অৱ কচ্চ অঞ্চলত বাস কৰে। কিন্তু এতিয়া উটৰ সংখ্যা হ্ৰাস পাইছে।
অৱশ্যে ইয়াৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। যোৱা মাহত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে উট সংৰক্ষণৰ ওপৰত এখন খচৰা নীতি পত্ৰ প্ৰস্তুত কৰিছিল। এই নীতি পাছত মন্ত্ৰীসভাত দাখিল কৰা হ’ব। পাছত ব্যৱস্থা লোৱা হ’ব।