আধাৰ কাৰ্ড সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ল’লে অসম চৰকাৰে

Aug 22, 2025 | 10:34 PM

অসম চৰকাৰে এই পদক্ষেপৰ জৰিয়তে অবৈধ অনুপ্ৰৱেশকাৰী, বিশেষকৈ বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা লোকসকলে যাতে ভুৱা আধাৰ কাৰ্ড বনাব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

বৃহস্পতিবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। এই বৈঠকত কেবিনেটে আধাৰ কাৰ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি, ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড প্ৰদান কৰা নহ’ব। অৱশ্যে অনুসূচিত জাতি-জনজাতি, চাহ জনগোষ্ঠীৰ লোকসকলে এইক্ষেত্ৰত এবছৰৰ ৰেহাই প্ৰদান কৰা হ’ব।

অসম চৰকাৰে এই পদক্ষেপৰ জৰিয়তে অবৈধ অনুপ্ৰৱেশকাৰী, বিশেষকৈ বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা লোকসকলে যাতে ভুৱা আধাৰ কাৰ্ড বনাব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিগত কিছুদিনত সীমান্তত নিয়োজিত নিৰাপত্তা বাহিনীয়ে অসমত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বহু বাংলাদেশী নাগৰিকক বাধা প্ৰদান কৰিছে।