আৰক্ষীৰ উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত জামিন লাভ কৰিলে নন্দিনী কাশ্যপে…

| Sep 08, 2025 | 7:58 PM

মুকলি আকাশৰ তললৈ অহাৰ পথ মুকলি হ'ল নন্দিনী কাশ্যপৰ। কিছুদিন পূৰ্বে গুৱাহাটীত সংঘটিত হৈছিল ভংয়কৰ পথ দুৰ্ঘটনা। য'ত এজন যুৱকৰ মৃত্যু হৈছিল।

জামিন লাভ কৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে। অধিবক্তা বিজন মহাজনে কয় যে, আৰক্ষীৰ উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত জামিন লাভ কৰিলে নন্দিনী কাশ্যপে। আৰক্ষীয়ে সন্নিবিষ্ট কৰা ১০৫ ধাৰা যুক্তিহীন আছিল। নন্দিনীৰ বিৰুদ্ধে আছিল ড্ৰিংক এণ্ড ড্ৰাইভৰ অভিযোগ। কিন্তু আৰক্ষীয়ে আদালতত তথ্য প্ৰমাণ কৰিব নোৱাৰিলে এই কথা।

তেওঁ আৰু কয় যে, ৫০০০০ টকা জৰিমণা আৰু জামিনদাৰৰ জৰিয়তে জামিননামা দাখিল কৰিব পাৰিব নন্দিনীয়ে। পাছপোৰ্ট,ভিছাৰ চৰ্তসাপেক্ষে নন্দিনীক দিয়া হৈছে জামিন।

উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। নন্দিনী কাশ্যপৰ বাহনে মহটিয়াই নিছিল ছামিউল হক নামৰ এজন যুৱকক। যাৰ পাছত তেওঁৰ মৃত্যু হৈছিল। এই সমগ্ৰ কাণ্ডই ৰাজ্য় জোকাৰি গৈছিল। ২৯ জুলাইত মৃত্যু হৈছিল যুৱকজনৰ।

 

অন্য খবৰ পঢ়কঃ অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহটিয়াই নিয়া ছামিউল হকৰ মৃত্যু…