ৰে’লৰ ভিতৰত শ্বাহৰুখ খানৰ গালত চৰ শোধালে মহিলাই, ভুল কি আছিল?
শ্বাহৰুখ খানৰ লগতে এনেকুৱাই এটা ঘটনা ঘটিছিল। বলীউডৰ ভিতৰৰ বহুতো উৰাবাতৰি বিয়পি পৰা দেখা যায়। কিন্তু এয়া উৰাবাতৰি নহয়। কাৰণ শ্বাহৰুখ খানে নিজেই এই কথা মানি লৈছিল।
শ্বাহৰুখ খান, নামে যাৰ পৰিচয়। হাজাৰ হাজাৰ যুৱতী-মহিলাৰ হৃদয়ত শাসন কৰা ছুপাৰষ্টাৰক কেনেকৈ কোনোবাই চৰ শোধাব পাৰে? আচৰিত নহয় নে, বিশ্বাস কৰিবলৈ টান, কিন্তু শ্বাহৰুখ খানৰ লগতে এনেকুৱাই এটা ঘটনা ঘটিছিল। বলীউডৰ ভিতৰৰ বহুতো উৰাবাতৰি বিয়পি পৰা দেখা যায়। কিন্তু এয়া উৰাবাতৰি নহয়। কাৰণ শ্বাহৰুখ খানে নিজেই এই কথা মানি লৈছিল। আনকি সকলোৰে লগত এই কথা শ্বেয়াৰ কৰিছিল।
কিন্তু সেইদিনা কি হৈছিল জানেনে? যাৰ বাবে এগৰাকী মহিলাই শ্বাহৰুখ খানক চৰ মাৰিলে? জিৰ’ ছবিখনৰ প্ৰচাৰৰ সময়ত শ্বাহৰুখ খানে এটা সাক্ষাৎকাৰত সেইদিনাৰ ঘটনা সকলোবোৰ বিৱৰি কৈছিল। এজন সাংবাদিকে তেওঁক সুধিলে, “আপুনি প্ৰথমে দিল্লীৰ পৰা মুম্বাইলৈ কেনেকৈ আহিছিল?” শ্বাহৰুখ খানে উত্তৰ দিলে, “ট্ৰেইনত।”