মেটাত ওলাইছে চাকৰি, দৰমহা মাহে প্ৰায় ১০ লাখ টকা…

Sep 12, 2025 | 6:23 PM

হিন্দী ক'ব আৰু লিখিব জনাসকলৰ বাবে আছে এক ভাল খবৰ। কিয়নো মেটাত ওলাইছে চাকৰি। হিন্দী ক'ব জনা লোকসকলৰ বাবে ওলাইছে চাকৰি।

আপুনি হিন্দী ক’ব-লিখিব জানে নেকি? যদি জানে তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো ওলাইছে চাকৰি। অইন নহয়, এই চাকৰি মেটাত ওলাইছে। ইতিমধ্যে আৰম্ভ হৈছে নিযুক্তি প্ৰক্ৰিয়া। এই চাকৰিৰ বাবে হিন্দী ভাষাৰ ওপৰত জ্ঞান থাকিব লাগিব।  ইয়াৰোপৰি আবেদনকাৰীৰ গল্প লিখা-কোৱা আৰু কন্টেন্ট ডিজাইনৰ ক্ষেত্ৰতো বিশেষ দক্ষতা থাকিব লাগিব। ইমানেই নহয়, আবেদনকাৰীৰ ৬ বছৰৰ অভিজ্ঞতা থাকিব লাগিব বুলি এই সংস্থাটোৱে কয়। ইয়াৰোপৰি প্ৰাৰ্থীৰ প্ৰমপ্ট ইঞ্জিনিয়াৰিং আৰু এআই কন্টেন্ট পাইপলাইনৰ জ্ঞান থাকিব লাগিব। প্ৰাৰ্থীৰ স্থানীয় ভাষাৰ জ্ঞান থকাও আৱশ্যক।

জানিব পৰা মতে, এই চাকৰিৰ বাবে মেটাই প্ৰতি ঘন্টা ৫৫ ডলাৰ দিব। সেই হিচাপত নিৰ্বাচিত প্ৰাৰ্থীয়ে ভাৰতীয় টকাৰ হিচাপত মাহে প্ৰায় ১০ লাখ টকা লাভ কৰিব।