India-Russia Relation, Oil Purchase: ট্ৰাম্পক গুৰুত্ব নিদিয়াকৈ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে ভাৰতে

Sep 05, 2025 | 9:50 PM

কিন্তু ট্ৰাম্পৰ ক্ষোভক আওকাণ কৰি ভাৰতে এতিয়াও পুটিনৰ দেশৰ পৰা তেল ক্ৰয় কৰি আছে। আনকি Shanghai Cooperation Organisation (SCO)ৰ মঞ্চতো মোদীৰ কাষত পুটিনক দেখা গৈছিল।

ইউক্ৰেইন যুদ্ধৰ সময়ত ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় হ্ৰাস কৰিছিল। তেতিয়া ভাৰতে কম মূল্যত ৰাছিয়াৰ তেল ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছিল। সেইটোৱেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ক্ষুব্ধ কৰি তুলিছিল। তাৰ পিছত আমেৰিকাই ভাৰতৰ ওপৰত ‘শাস্তি’ হিচাপে আমদানি কৰা সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। কিন্তু ট্ৰাম্পৰ ক্ষোভক আওকাণ কৰি ভাৰতে এতিয়াও পুটিনৰ দেশৰ পৰা তেল ক্ৰয় কৰি আছে। আনকি Shanghai Cooperation Organisation (SCO)ৰ মঞ্চতো মোদীৰ কাষত পুটিনক দেখা গৈছিল।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে, আমেৰিকাক আওকাণ কৰি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ভাৰতে কমেও ১২.৬ বিলিয়ন ডলাৰত কৈও অধিক লাভ কৰিছে। মন কৰিবলগীয়া যে ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।