Assets of Aryan Khan: কেনেকৈ ইমান সম্পত্তিৰ গৰাকী হ’ল ২৮ বছৰীয়া শ্বাহৰুখৰ পুত্ৰ?

Nov 13, 2025 | 6:37 PM

তেওঁৰ বয়স মাত্ৰ ২৮ বছৰ, কিন্তু তেওঁৰ ধন-সম্পত্তি কম নহয়। জানিব পৰা মতে, শেহতীয়াকৈ আৰিয়ানে দিল্লীৰ অভিজাত পঞ্চশীল পাৰ্ক এলেকাত ৩৭ কোটি টকাৰ এটা ঘৰ ক্ৰয় কৰিছে, যিটো শ্বাহৰুখ পৰিয়ালৰ ৰিয়েল এষ্টেট তালিকাত শেহতীয়া সংযোজন।

বলীউডৰ কিং শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান জন্মদিনৰ পৰা চৰ্চাত। বুধবাৰে তেওঁৰ পুত্ৰৰ বয়স ২৮ বছৰ হয়। ইতিমধ্যে তেওঁ বলীউডৰ জৰিয়তে জনসাধাৰণৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ প্ৰথম আৰম্ভণি হৈছে ‘দ্য বেডছ অৱ বলীউড’। য’ত বলীউডৰ বহু তাৰকাই কেমিঅ’ কৰা দেখা যায়। আনকি শ্বাহৰুখে নিজেও এটা দৃশ্যত ওলায়। এই চিৰিজখন পৰিচালনা কৰি তেওঁ মুঠ ১০ৰ পৰা ১২ কোটি টকা লাভ কৰিছিল।

তেওঁৰ বয়স মাত্ৰ ২৮ বছৰ, কিন্তু তেওঁৰ ধন-সম্পত্তি কম নহয়। জানিব পৰা মতে, শেহতীয়াকৈ আৰিয়ানে দিল্লীৰ অভিজাত পঞ্চশীল পাৰ্ক এলেকাত ৩৭ কোটি টকাৰ এটা ঘৰ ক্ৰয় কৰিছে, যিটো শ্বাহৰুখ পৰিয়ালৰ ৰিয়েল এষ্টেট তালিকাত শেহতীয়া সংযোজন।

১৯৯৭ চনৰ ১২ নৱেম্বৰত জন্মগ্ৰহণ কৰা আৰিয়ান খান শ্বাহৰুখ আৰু গৌৰী খানৰ প্ৰথম সন্তান। তেওঁক বলীউডৰ অন্যতম ষ্টাৰ কিড বুলি কোৱা হয়। অৱশ্যে আৰিয়ানে নিজৰ কষ্টৰ মাজেৰে নিজৰ পথ নিজেই গঢ়ি তুলিব বিচাৰিছিল। মুম্বাইৰ ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলত পঢ়া-শুনা সমাপ্ত কৰি লণ্ডনৰ চেভেন উইকছ স্কুলত যোগদান কৰে। পিছলৈ তেওঁ দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা চিনেমেটিক আৰ্টছ আৰু টেলিভিছন প্ৰডাকচনত স্নাতক ডিগ্ৰী লাভ কৰে।