UPI: পিন পাহৰিলেও চিন্তাৰ কাৰণ নাই, মুখ দেখুৱাই কৰিব পাৰিব ধনৰ লেনদেন…
২০২৫ চনৰ তথ্য অনুসৰি জুলাই মাহত ১৯০০ কোটিৰো অধিক UPI লেনদেন কৰা হৈছে। এই মাহত কেৱল গেলামালৰ দোকান আৰু বিভিন্ন চুপাৰ মাৰ্কেটত ৩০০ কোটিৰো অধিক লেনদেন কৰা হয়।
বৰ্তমান অনলাইন লেনদেনৰ ক্ষেত্ৰত UPI এনে এক পদ্ধতিত পৰিণত হৈছে যাৰ কোনো বিকল্প নাই। চাহৰ দোকানৰ পৰা আৰম্ভ কৰি কেফে বা গেলামালৰ দোকান, শ্বপিং মললৈকে সকলোতে UPI গ্ৰহণ কৰা হয়। ২০২৫ চনৰ তথ্য অনুসৰি জুলাই মাহত ১৯০০ কোটিৰো অধিক UPI লেনদেন কৰা হৈছে। এই মাহত কেৱল গেলামালৰ দোকান আৰু বিভিন্ন চুপাৰ মাৰ্কেটত ৩০০ কোটিৰো অধিক লেনদেন কৰা হয়।
ধৰি লওক আপুনি কিবা কিনিবলৈ ইউপিআই কৰিবলৈ গৈছে আৰু ধন পৰিশোধ কৰাৰ সময়ত আপুনি পিনটো পাহৰি থাকিল। প্ৰায় বহুতো লোকে এনে সমস্যাৰ সন্মুখীন হয়। এতিয়া সেই সমস্যা সমাধানৰ বাবে বিশেষ উদ্যোগ লৈছে এনপিচিআই বা ভাৰতীয় নেচনেল পেমেণ্টছ কৰ্পৰেশ্যনে । তথ্য অনুসৰি তেওঁলোকে প্ৰৱৰ্তন কৰা নতুন ব্যৱস্থাটোত মুখ চিনাক্তকৰণ আৰু আঙুলিৰ ছাপ ব্যৱহাৰ কৰি লেনদেন কৰিব পৰা যাব।