তেল নহয়, এইটো ব্যৱসায়ৰ পৰাই সৰ্বাধিক উপাৰ্জন কৰে ৰিলায়েন্সে …

| Edited By: Manas Borah

Jul 21, 2025 | 9:16 PM

টেলিকম আৰু জিঅ’ প্লেটফৰ্ম লিমিটেডৰ পৰা সৰ্বাধিক আয় লাভ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে। যাৰ পৰা মুঠ ১৮,৩১২ কোটি টকা উপাৰ্জন হৈছে, যিটো কোম্পানীটোৰ মুঠ আয়ৰ ৩২ শতাংশ।

মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ কথানো কোনো নাজানে। বৰ্তমান ৰিলায়েন্সৰ আছে এক বিশাল সাম্ৰাজ্য। তেল উৎপাদনৰ পৰা আৰম্ভ কৰি গেছ, টেলিকম, কাপোৰলৈকে একাধিক ব্যৱসায় আছে তেওঁলোকৰ । কিন্তু  ৰিলায়েন্সে ক’ৰ পৰা সৰ্বাধিক ৰাজহ পায় জানেনে? প্ৰকাশ পাইছে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ ফলাফল । য’ত ৰিলায়েন্সৰ ৰাজহত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। পূৰ্বতে ৰিলায়েন্সৰ মূল আয় আছিল তেল আৰু গেছৰ পৰা, কিন্তু এতিয়া সেই আয় টেলিকম, ডিজিটেল সেৱা, খুচুৰা বিক্ৰীলৈও প্ৰসাৰিত হৈছে।

দেখা গৈছে যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত EBITDAৰ আয় আছিল ৫৮ হাজাৰ ২৪ কোটি টকা। ইয়াৰে লাভ হৈছে ৩০,৭৮৩ কোটি টকা। এই আয়ৰ হিচাপত দেখা গৈছে যে ৰিলায়েন্সৰ তেল আৰু গেছ উৎপাদনতকৈ জিঅ’ (টেলিকম), ডিজিটেল প্লেটফৰ্ম (জিঅ’ ডিজনী প্লাছ হটষ্টাৰ) আৰু খুচুৰা বিপণীৰ আয় বহু বেছি।