বিশ্বনাথৰ ভোলাকাটা বিলত বনৰীয়া চৰাই চিকাৰৰ অভিযোগত ৫ জনক গ্ৰেপ্তাৰ

| Dec 10, 2025 | 2:56 PM

এই প্ৰজাতিটো বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২-ৰ অনুসূচী-১-ৰ অধীনত পৰে বুলি বন বিভাগে জানিবলৈ দিয়ে। উক্ত চৰাইটো আফগানিস্তানৰ পৰা অহা পৰিভ্ৰমী চৰাই। আটকাধীন ৫ জন ব্যক্তি ক্ৰমে, ছাইফুল ইছলাম, আনোৱাৰ হুছেইন, তামছাৰ আলী, আবুল হুছেইন, ফুকীৰ আলী।

শীতৰ আগমনৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তৰ জলাশয়সমূহলৈ আগমন ঘটে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰিভ্ৰমী চৰাইৰ। এই পৰিভ্ৰমী চৰাই সমূহক ধৰা আৰু ব্যৱসায় কৰাৰ চেষ্টা চলাই আহিছে এচাম অসাধু  চক্ৰই। বিশ্বনাথ জিলাৰ ভোলাকাটা বিলত চৰাই চিকাৰৰ বাবে অহা ৫ জন চিকাৰীক আটক কৰে বন বিভাগে ।

ভোলাকাটা বিলত বনৰীয়া চৰাই ধৰিবলৈ জাল পতাৰ খবৰৰ ভিত্তিত বিশ্বনাথ ঘাটৰ কেন্দ্ৰীয় ৰেঞ্জৰ ৰেঞ্জ বন বিষয়া আৰু বিশ্বনাথৰ অপৰাধ অনুসন্ধান ৰেঞ্জৰ বন বিষয়াৰ নেতৃত্বত যোৱা এটা দলে ঘটনাস্থলীত ৫ জন ব্যক্তিক হাতে-লোটে আটক কৰে । তেওঁলোকৰ পৰা এটা জীৱিত ‘কটন পিগমি গুজ’ নামৰ দুষ্প্ৰাপ্য বনৰীয়া চৰাই, এখন মাছ মৰা জাল, ২ টা মোবাইল ফোন, ১ টা টৰ্চ লাইট আৰু ২ টা বগা বেগ জব্দ কৰে ।

এই প্ৰজাতিটো বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২-ৰ অনুসূচী-১-ৰ অধীনত পৰে বুলি বন বিভাগে জানিবলৈ দিয়ে। উক্ত চৰাইটো আফগানিস্তানৰ পৰা অহা পৰিভ্ৰমী চৰাই । আটকাধীন ৫ জন ব্যক্তি ক্ৰমে, ছাইফুল ইছলাম, আনোৱাৰ হুছেইন, তামছাৰ আলী, আবুল হুছেইন, ফুকীৰ আলী ।