আৰক্ষীক তদন্ত কৰিবলৈ দিয়ক, বিশ্বাস ৰাখক: হৰমীত সিঙৰ আহ্বান
এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে কয়, "আমাক আমাৰ কাম কৰিবলৈ দিয়ক। আমি দেশৰ সংবিধান, আইনৰ মতে কৰো। আমাক আইনৰ মতে তদন্ত কৰিবলৈ দিয়ক। বিশ্বাস ৰাখিক।"
জুবিনৰ মৃত্যুৰ ১২ দিনৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। ছিংগাপুৰৰ পৰা আহি থকা অৱস্থাত শ্যামকানুক নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থক গুৰুগাঁৱৰ এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আজি পুৱা ভাগতে এই দুয়োগৰাকী অভিযুক্তক গুৱাহাটীলৈ অনা হয়। AIR INDIA IX1197 বিমান যোগে লৈ অনা হয় মহন্তক।
তাৰ পিছতে ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। জুবিন গাৰ্গৰ মৃত্যুৰ গোৰচত মূল অভিযুক্ত এই দুয়োগৰাকীকে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে কয়, “আমাক আমাৰ কাম কৰিবলৈ দিয়ক। আমি দেশৰ সংবিধান, আইনৰ মতে কৰো। আমাক আইনৰ মতে তদন্ত কৰিবলৈ দিয়ক। বিশ্বাস ৰাখিক।”