যিদিনা অসমত বিজেপি নাথাকিব গোটেই অসমখন মিঞাই লৈ ল’ব’ -মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী

Nov 13, 2025 | 5:08 PM

লগতে মুখ্যমন্ত্ৰীয়ে কয়, 'তিনি গগৈ মিঞাৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক। তিনি গগৈ হৈছে মিঞাৰ আটাইতকৈ ডাঙৰ সমৰ্থক, তেওঁলোক গগৈৰ সমৰ্থক নহয়, বৰবৰা, বুঢাগোহাঞিৰ সমৰ্থক নহয়।'

মুখ্যমন্ত্ৰীয়ে দিলে ভৱিষ্যদ্বাণী। অসমৰ ভৱিষ্যতকলৈ শংকিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ কয়, আপোনালোক এটা কথাত নিশ্চিত থাকক, যিদিনাই ইয়াত বিজেপি নাথাকিব সেইদিনাই দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিঞাই লৈ ল’ব।

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে বিৰোধীৰ ৩ গগৈ সন্দৰ্ভতো কৰিছে মন্তব্য। শেহতীয়াকৈ বিৰোধীৰ মিত্ৰতা প্ৰসংগত তেওঁ কয়, ‘তিনি গগৈ তিনি গগৈয়ে হৈ থাকিব , একো কৰিব নোৱাৰে, হাৰি থাকিব। বিৰোধীৰ মিত্ৰতাৰ মিটিং খন কেৱল এখন বিয়াৰ আলোচনাৰ মিটিঙহে আছিল।’

লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘তিনি গগৈ মিঞাৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক। তিনি গগৈ হৈছে মিঞাৰ আটাইতকৈ ডাঙৰ সমৰ্থক, তেওঁলোক গগৈৰ সমৰ্থক নহয়, বৰবৰা, বুঢাগোহাঞিৰ সমৰ্থক নহয়।’