সম্পৰ্ক উন্নত! শীঘ্ৰেই আৰম্ভ হ’ব পাৰে ভাৰত-চীন বিমান সেৱা…
ভাৰত-চীনৰ সম্পৰ্ক সম্পৰ্ক উন্নত হোৱাৰ দিশে। শীঘ্ৰেই দেশ দুখনৰ মাজত বিমান সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই ক্ষেত্ৰত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই।
উন্নত হ’বলৈ গৈ আছে নেকি ভাৰত-চীনৰ সম্পৰ্ক? বিগত কেইটামান দিনত নতুন দিল্লী আৰু বেইজিঙে গ্ৰহণ কৰা একাধিক পদক্ষেপৰ পৰা এই প্ৰশ্নটোৱে ঘূৰি ফুৰিছে বিভিন্নজনৰ মনত। শীঘ্ৰেই ভাৰত-চীনৰ মাজত আৰম্ভ হ’ব পাৰে বিমান সেৱা। দীৰ্ঘদিন ধৰি বিমান সেৱা বন্ধ হৈ থকাৰ পাছত এতিয়া দেশ দুখনে পোনপটীয়াকৈ পুনৰ সেৱা আগবঢ়াবলৈ সাজু হৈছে।
বিশেষজ্ঞসকলৰ মতে ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰৰ ভিতৰত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সময়ত এই ঘোষণা হ’ব পাৰে। এই সময়চোৱাতে বহু দ্বি-পাক্ষিক আলোচনা হোৱাৰ সম্ভাৱনাও আছে। তথ্য অনুসৰি, যোৱা ৫ বছৰৰ পৰা ভাৰত-চীনৰ মাজত বিমান সেৱা বন্ধ হৈ আছিল। ইতিমধ্যে এই ক্ষেত্ৰত ইণ্ডিগো, এয়াৰ ইণ্ডিয়াক সেৱা আগবঢ়াবলৈ সাজু হোৱাৰ বাবে কোৱা হৈছে।
উল্লেখ্য যে, কোৰোনা মহামাৰীৰ পৰা এই বিমান সেৱা বন্ধ আছিল।