বৃদ্ধি পাব এটিএমৰ চাৰ্ভিচ চাৰ্জ! ধন উলিওৱাৰ সময়ত অধিক ধন ভৰিব গ্ৰাহকে

Feb 07, 2025 | 8:30 PM

বৰ্তমান সময়ত ডিজিটেল মাধ্যমেৰে ধনৰ লেনদেন বৃদ্ধি পাইছে যদিও নগদ ধনৰ প্ৰয়োজনীয়তা সকলো লোকৰে আছে। বেংকলৈ গৈ নগদ ধন উলিওৱাৰ পৰিৱৰ্তে অধিকাংশ লোকেই এটিএমৰ পৰা ধন উলিওৱাটোৱেই পচন্দ কৰে। কিন্তু এতিয়া এটিএমৰ পৰা ধন উলিওৱাৰ সময়ত গ্ৰাহকে অধিক ধন খৰচ কৰিবলগা হ’ব পাৰে।

বৰ্তমান সময়ত ডিজিটেল মাধ্যমেৰে ধনৰ লেনদেন বৃদ্ধি পাইছে যদিও নগদ ধনৰ প্ৰয়োজনীয়তা সকলো লোকৰে আছে। বেংকলৈ গৈ নগদ ধন উলিওৱাৰ পৰিৱৰ্তে অধিকাংশ লোকেই এটিএমৰ পৰা ধন উলিওৱাটোৱেই পচন্দ কৰে। কিন্তু এতিয়া এটিএমৰ পৰা ধন উলিওৱাৰ সময়ত গ্ৰাহকে অধিক ধন খৰচ কৰিবলগা হ’ব পাৰে। জানিব পৰা মতে ভাৰতীয় ৰিজাৰ্ভ বেংকে এটিএমৰ পৰা ধন উলিওৱাৰ মাচুল বা চাৰ্ভিচ চাৰ্জ বৃদ্ধি কৰিবলৈ সাজু হৈছে। বৰ্তমান সময়ত এজন গ্ৰাহকে এটা মাহত বিনামূলীয়াকৈ ৫ বাৰ এটিএমৰ পৰা ধন উলিয়াব পাৰে।

এই পাঁচবাৰৰ সীমা পাৰ কৰাৰ পিছত টকা উলিওৱাৰ বাবে চাৰ্ভিচ চাৰ্জ লোৱা হয়। এতিয়া এটিএমৰ পৰা ৫ বাৰ ধন উলিওৱাৰ পিছত নগদ ধন উলিওৱাৰ চাৰ্জ বৃদ্ধি কৰা হ’ব বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে। অৰ্থাৎ এতিয়া গ্ৰাহকৰ বাবে এটিএমৰ ব্যৱহাৰ অধিক ব্যয়বহুল হৈ পৰিব।