জুবিন গাৰ্গক সঠিক ন্যায় প্ৰদানৰ দাবীত নলবাৰীত বিজেপিৰ সমদল

| Oct 22, 2025 | 8:48 PM

এই সমদলত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, ‘ কিছুদিৰ ৰা জুবনক ভালপোৱা মানুহৰ সলনি ৰাজনীতিকা মানুহ দেখিছোঁ। জুবিনক লৈ ৰাজনীতি কৰা মানুহ নহয় নলবাৰীত আজি জুবিনক সচাঁ মনেৰে ভাল পোৱা মানুহবোৰ ওলাই আহিছে ’।

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি ৰাজপথত বিজেপিৰ সমদল। কোনো দোষীয়ে যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে তাৰ বাবেই আৰম্ভ কৰি জন সমদল । পৰ্যায় ক্ৰমে ঠায়ে ঠায়ে হ’ব বিজেপিৰ এই জন সমদল । নলবাৰী জিলা সমিতিৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে সঠিক ন্যায় প্ৰদানৰ আহ্বানত আয়োজন কৰা হৈছে সমদলৰ ।

এই সমদলত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, ‘ কিছুদিৰ ৰা জুবনক ভালপোৱা মানুহৰ সলনি ৰাজনীতিকা মানুহ দেখিছোঁ। জুবিনক লৈ ৰাজনীতি কৰা মানুহ নহয় নলবাৰীত আজি জুবিনক সচাঁ মনেৰে ভাল পোৱা মানুহবোৰ ওলাই আহিছে ’। “ময়ো জুবিন অনুৰাগী,আমিও জুবিন অনুৰাগী” শীৰ্ষক শ্লোগানেৰে জুবিনৰ মৃত্যুৰ ন্যায়িক প্ৰক্ৰিয়া আৰু তদন্ত ক্ষীপ্ৰ কৰাৰ আহ্বানেৰে নলবাৰীত এই বিশাল জন সমদল ৷