ব’হাগ বিহুৰ এটি সন্ধিয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰিবলৈ বিহু সমিতিসমূহক আহ্বান মুখ্যমন্ত্ৰীৰ

| Sep 08, 2025 | 7:25 PM

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড০ ভূপেন হাজৰিকাৰ জন্মতিথি পালন কৰা হয়। এই সময়চোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও দিশৰ ওপৰত মন্তব্য প্ৰদান কৰে।

আজি ৰাজ্যই পালন কৰিছে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মতিথি। অসম চৰকাৰেও হাজৰিকাৰ সমাধিক্ষেত্ৰত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। এই সময়চোৱাত অসমৰ ৰাজ্যপালৰ লগতে কেইবাজনো মন্ত্ৰী, বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সময়চোৱাত শৰ্মাই ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ নাম সলনি কৰি সমন্বয় তীৰ্থ নামেৰে নামকৰণ কৰে। ইয়াৰ লগতে বিহু সমিতিসমূহলৈ এক বিশেষ আহ্বান কৰে।

শৰ্মাই ব’হাগ বিহুৰ এটি সন্ধিয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰিবলৈ বিহু সমিতিসমূহক আহ্বান জনায়। শৰ্মাই কয় যে, এবছৰীয়া কাৰ্যসূচীৰে অসম চৰকাৰে এইবাৰ সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী আয়োজন কৰিব। গতিকে বিহু সমিতিসমূহে হাজৰিকাৰ নামত এটা সন্ধিয়া আগবঢ়াব লাগে।

উল্লেখ্য যে, হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ অৰ্থে ১৩ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।