শ্বেখ হাছিনাই প্ৰৱৰ্তন কৰা নিয়ম প্ৰত্যাহাৰ ইউনুছ চৰকাৰে

Jul 11, 2025 | 7:05 PM

শ্বেখ হাছিনাৰ অধীনত প্ৰায় ১৬ বছৰীয়া স্বৈৰাচাৰী শাসনৰ সময়ছোৱাত মহিলা বিষয়াকো ছাৰ বুলি সম্বোধন কৰিবলগীয়া হৈছিল, যিটো অতি অসামঞ্জস্যপূৰ্ণ। সেয়েহে উপদেষ্টা পৰিষদে মহিলা বিষয়াক ছাৰ সম্বোধন কৰাৰ এই নিয়ম বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

বাংলাদেশত যেন মাটিত মিলাই দিয়া হৈছে শ্বেখ হাছিনাৰ অস্তিত্ব। বংগ বন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ অস্তিত্বক ইতিমধ্যে মচি পেলাইছে মঃ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে। পাঠ্যক্ৰমৰ পৰা সংগ্ৰহালয়লৈ, কাৰ্যতঃ ক’তোৱেই চিন নোহোৱা হৈছে বংগ বন্ধুৰ। এইবাৰ মহম্মদ ইউনুছৰ নেতৃত্বত ইউনুছ চৰকাৰে সলনি কৰিলে হাছিনা যুগৰ আন এক নিয়ম।

এতিয়াৰ পৰা বাংলাদেশৰ মহিলা চৰকাৰী কৰ্মচাৰী বা বিষয়াক আৰু “ছাৰ” বুলি সম্বোধন কৰিব নোৱাৰিব। এই নিৰ্দেশ দিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। পুৰুষ-মহিলাক সম অধিকাৰ আৰু সমান সন্মান দিবলৈ এই নিয়ম প্ৰৱৰ্তন কৰা হৈছিল। কিন্তু অন্তৱৰ্তীকালীন চৰকাৰে সেই সিদ্ধান্ত বাতিল কৰে।

মহম্মদ ইউনুছৰ প্ৰেছ সচিব ছফিকুল আলমে কয় যে বৃহস্পতিবাৰে উপদেষ্টা পৰিষদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে শ্বেখ হাছিনাৰ অধীনত প্ৰায় ১৬ বছৰীয়া স্বৈৰাচাৰী শাসনৰ সময়ছোৱাত মহিলা বিষয়াকো ছাৰ বুলি সম্বোধন কৰিবলগীয়া হৈছিল, যিটো অতি অসামঞ্জস্যপূৰ্ণ। সেয়েহে উপদেষ্টা পৰিষদে মহিলা বিষয়াক ছাৰ সম্বোধন কৰাৰ এই নিয়ম বাতিল কৰাৰ সিদ্ধান্ত লৈছে।