Assam News: ‘ৰৈ ৰৈ বিনালে’ৰ শুভ মুক্তিৰ পৰা ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা চুক্তিলৈ দিনটোৰ শীৰ্ষ খবৰ

| Oct 31, 2025 | 11:22 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি মুক্তি পালে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। চাওক দিনটোৰ শীৰ্ষ খবৰ।

আজি মুক্তি পালে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। পুৱতি নিশাৰ পৰাই ছবিগৃহৰ সমুখত দেখা গ’ল দৰ্শকৰ ব্যাপক ভিৰ। পুৱা ৪.৩০ বজাৰ পৰাই বহু কেইটা ছবি গৃহত আৰম্ভ হয় ছবিখনৰ দৰ্শনী। জুবিন গাৰ্গৰ অভিনয়ে শোকস্তব্ধ কৰি তুলিলে দৰ্শকক। বহুতেই চকুপানী টুকি ওলাই আহিল ছবিগৃহৰ পৰা।

আজি ৰাষ্ট্ৰীয় একতা দিৱস। চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে দেশজুৰি স্মৰণ কৰা হয় লৌহ মানৱগৰাকীক। অসম আৰক্ষীয়েও এই উপলক্ষে অনুষ্ঠিত কৰে একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচী। এই অনুষ্ঠানত ডিজিপি হৰমীত সিঙৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

আজি গুজৰাটত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি লৌহ মানৱগৰাকীক স্মৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে আয়োজন কৰা হয় পেৰেড কাৰ্যসূচীৰ। ৰাষ্ট্ৰীয় একতা দিৱসৰ গুৰুত্ব স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসৰ দৰেই বুলি কয় প্ৰধানমন্ত্ৰীয়ে।

লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ