Assam News: উচ্ছেদ অভিযানৰ পৰা লৰ্ডছ টেষ্টলৈ দিনটোৰ শীৰ্ষ খবৰ

Jul 11, 2025 | 9:17 PM

কোনো কাৰণতে বেদখলৰ ওপৰত চলোৱা উচ্ছেদ অভিযান বন্ধ নহয় বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একে সময়তে উচ্ছেদৰ বিৰুদ্ধে সৰৱ হৈছে সংখ্যালঘু ছাত্ৰ সংগঠন আমছু। ১২ জুলাইত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে আমছু নেতৃত্বই। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ৯ টা শীৰ্ষ খবৰ...

উচ্ছেদক লৈ উত্তাল হৈ আছে ৰাজ্য। নামনি অসমৰ ধুবুৰী আৰু গোৱালাপাৰাত একাংশ লোকক উচ্ছেদ কৰা সন্দৰ্ভত চৰকাৰক কঠোৰ সমালোচনা বিৰোধীৰ। কিন্তু হাজাৰ বাধা আহিলেও চৰকাৰী মাটিত বেদখল উচ্ছেদ কৰা হ’ব বুলি সকীয়াই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত চলা উচ্ছেদৰ বিৰুদ্ধে সৰৱ হৈছে সংখ্যালঘু ছাত্ৰ সংগঠন আমছু। ১২ জুলাইত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে আমছু নেতৃত্বই। সংখ্যালঘু মুছলমানক অন্যায়ভাৱে উচ্ছেদ কৰাৰ অভিযোগ তুলিছে চৰকাৰৰ বিৰুদ্ধে।

আজি ধুবুৰীৰ উচ্ছেদ স্থলীত উপস্থিত হয় সাংসদ ৰকিবুল হুছেইন । উচ্ছেদৰ বিৰুদ্ধে চৰকাৰক তীব্ৰ সমালোচনা কৰে সাংসদগৰাকীয়ে। উচ্ছেদিত ৰাইজে কিদৰে খাইছে, কিদৰে কটাইছে খবৰ ল’লে ৰকিবুল হুছেইনে।

ইয়াৰ লগতে চাওঁক দিনটো ৯ টা শীৰ্ষ খবৰ…