ঘৰখনত সুখ-সমৃদ্ধি উপচি পৰাটো বিচাৰেনে? ঘৰৰ ভিতৰত ৰোপণ কৰক এইকেইবিধ উদ্ভিদ
ঘৰখনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনিব পৰা কিছু উদ্ভিদ আমি ঘৰৰ ভিতৰত ৰোপণ কৰা উচিত। পিছে এই দিশতো আমাৰ অধিকাংশৰে মনত এক প্ৰশ্নৰ উদ্ৰেক হোৱাটো স্বাভাৱিক- ঘৰৰ ভিতৰত কেনেধৰণৰ গছ ৰোপণ কৰিব লাগে? সৌন্দৰ্য বৰ্ধনৰ সমান্তৰালকৈ মানসিক স্বাস্থ্যত সুপ্ৰভাৱ পেলাব পৰা এনে কিছুমান উদ্ভিদৰ বিষয়ে জানো আহক।

প্ৰতিনিধিত্বমূলক ছবি
বৰ্তমান সময়ত ঘৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ভিতৰতে ভিন্ন প্ৰজাতিৰ উদ্ধিদ ৰোপণ কৰা পৰিলক্ষিত হয়। অৱশ্যে কেৱল সৌন্দৰ্য বৰ্ধনতে এই উদ্ভিদসমূহৰ ব্যৱহাৰ কৰা হয় বুলিলে ভুল কৰা হ’ব। সাধাৰণতেই উদ্ভিদে এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰে। এই পৰিৱেশে মানুহৰ মানসিক স্বাস্থ্যতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ এনভাইৰনমেণ্টেল ৰিচাৰ্চ এণ্ড পাব্লিক হেল্থেও এই কথা নিশ্চিত কৰিছে। এই সংস্থাটোৱে এক অধ্যয়নত প্ৰকাশ কৰিছে যে ঘৰৰ ভিতৰৰ বহু উদ্ভিদে আমাৰ জীৱনৰ পৰা মানসিক চাপ কমায় আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে। এই উদ্ভিদবোৰে আমাক শাৰীৰিক আৰু মানসিকভাৱে আন বহু দিশত উপকৃত কৰে।
ঘৰখনলৈ সুখ–সমৃদ্ধি কঢ়িয়াই আনিব পৰা এনে কিছু উদ্ভিদ আমি সেয়ে ঘৰৰ ভিতৰত ৰোপণ কৰা উচিত। পিছে এই দিশতো আমাৰ অধিকাংশৰে মনত এক প্ৰশ্নৰ উদ্ৰেক হোৱাটো স্বাভাৱিক– ঘৰৰ ভিতৰত কেনেধৰণৰ গছ ৰোপণ কৰিব লাগে? সৌন্দৰ্য বৰ্ধনৰ সমান্তৰালকৈ মানসিক স্বাস্থ্যত সুপ্ৰভাৱ পেলাব পৰা এনে কিছুমান উদ্ভিদৰ বিষয়ে জানো আহক।
পিছ লিলি
পিছ লিলিয়ে ঘৰত নতুন ধৰণৰ সতেজতা আনে আৰু ইয়াৰ বাবেই আমাৰ মেজাজ উন্নত হয়। এই গছজোপাত কম পোহৰৰ প্ৰয়োজন হয়। ঘৰতে ৰোপণ কৰিলে আমি সুখ অনুভৱ কৰো আৰু ঘৰৰ ভিতৰৰ পৰা অশান্তি তথা অস্থিৰতাও দূৰ হয়। অৱশ্যে এই গছজোপা শিশু আৰু পোহনীয়া জন্তুৰ পৰা যাতে আঁতৰি থাকে, সেই দিশত গুৰুত্ব দিব লাগে।
জেড প্লাণ্ট
জেড প্লাণ্ট উদ্ভিদৰ বাবে অত্যধিক যত্নৰ প্ৰয়োজন নহয়। অত্যন্ত মানসিক চাপৰ পৰিৱেশতো এই উদ্ভিদে আমাক কৰ্মত মনোনিৱেশ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। এনে পৰিস্থিতিত আমাৰ কৰ্মক্ষমতা বৃদ্ধি পায়। সেইবাবেই এই উদ্ভিদ বহু কাৰ্যালয়তো দেখা পোৱা যায়।
এলিফেণ্ট ইয়াৰ প্লাণ্ট
এই উদ্ভিদৰ পাত কিছু ডাঙৰ আৰু হৃদয় আকৃতিৰ। সেয়ে ইয়াক ‘এলিফেণ্ট আৰ’ প্লাণ্ট বুলি কোৱা হয়। এই গছজোপা ঘৰত ৰোপণ কৰিলে আমি উচ্চ ৰক্তচাপ আৰু অস্থিৰতাৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ বুলি কোৱা হয়।
স্পাইডাৰ প্লাণ্ট
এই উদ্ভিদে বতাহত থকা কাৰ্বন মনোক্সাইডৰ দৰে ক্ষতিকাৰক মৌল আঁতৰোৱাত সহায় কৰে বুলি কোৱা হয়। এই উদ্ভিদৰ বাবে বিশেষ পানীৰো প্ৰয়োজন নহয়। স্পাইডাৰ প্লাণ্টে প্ৰদূষণ হ্ৰাস কৰি ঘৰৰ ভিতৰৰ মান উন্নত কৰে। সেইবাবেই এই উদ্ভিদক এয়াৰ পিউৰিফায়াৰ বুলিও কোৱা হয়। এই উদ্ভিদে মানসিক চাপ হ্ৰাস কৰাৰ কামো কৰে।
স্নেক প্লাণ্ট
এই গছৰ পাতবোৰ দীঘল আৰু তৰোৱালৰ দৰে দেখা যায়। স্নেক প্লাণ্টে অক্সিজেন নিৰ্গত কৰে বুলি জনা যায়। এই উদ্ভিদ শোৱা কোঠাতো ৰোপণ কৰিব পাৰি।
মানী প্লাণ্ট
এই উদ্ভিদ প্ৰায় সকলোৰে ঘৰত পোৱা যায়। এই উদ্ভিদে আমাৰ মাজত থকা অস্থিৰতা দূৰ কৰে আৰু মনোযোগ বৃদ্ধি কৰাত সহায়ক বুলি কোৱা হয়। লগতে ই অক্সিজেন নিৰ্গত কৰি কাৰ্বন ডাই অক্সাইড শোষণ কৰে। কোৱা হয় যে ই মানসিক চাপ দূৰ কৰাৰ লগতে চকু ঠাণ্ডা কৰি ৰাখে।
তদুপৰি ঘৰত তুলসী, জেচমিন, পদূনা আদি ঔষধি উদ্ভিদ ৰোপণ কৰিলে ঘৰৰ পৰিৱেশত ইতিবাচক প্ৰভাৱ পৰে। জেচমিনে ৰক্তচাপ হ্ৰাস কৰাৰ লগতে হৃদস্পন্দন বজাই ৰাখে বুলি কোৱা হয়। একেদৰে তুলসী আৰু পদূনাৰ স্বাস্থ্য উপকাৰী গুণৰ কথা সততে বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়ায়।