বিমানৰ কোন অংশৰ আসনত থাকে অধিক বিপদাশংকা! বিশেষজ্ঞই এইদৰে আগবঢ়াইছে মত…

বিমানৰ কোনো নিৰ্দিষ্ট অংশৰ আসনত সম্ভাৱ্য দুৰ্ঘটনাৰ সময়ত বিপদাশংকা কম হয় নেকি? এই প্ৰশ্ন বহু লোকৰ মনত উদয় হ’ব পাৰে। গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে বিমান দুৰ্ঘটনা হ’লে আসনৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি যাত্ৰীজনৰ জীৱনৰ বিপদ নিৰ্ণয় কৰিব পৰা যায়।

বিমানৰ কোন অংশৰ আসনত থাকে অধিক বিপদাশংকা! বিশেষজ্ঞই এইদৰে আগবঢ়াইছে মত…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

13 Jun 2025 00:40 AM

গুজৰাটৰ আহমেদাবাদত বৃহস্পতিবাৰে দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমান। বিমানখনত ক্ৰু সদস্যসহ সৰ্বমুঠ ২৪২জন যাত্ৰী আছিল। উৰণ আৰম্ভ কৰাৰ ঠিক লগে লগে বিমানখন দুৰ্ঘটনাত পতিত হয়। আহমেদৰ পৰা লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰলৈ ৰাওনা হৈছিল এই দুৰ্ঘটগ্ৰস্ত বিমানখন। এই ভয়ানক দুৰ্ঘটনাৰ পিছত দুই শতাধিক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। এই দুৰ্ঘটনা স্বাভাৱিকতেই ভাৰতৰ ইতিহাসৰ অন্যতম এক বৃহৎ ট্ৰেজেডী হিচাপে গণ্য কৰা হৈছে। দুৰ্ঘটনাৰ এই শোকাৱহ খবৰ তথা দৃশ্যই অন্তৰাত্মা কঁপাই তুলিছে দেশবাসীৰ।

ইফালে এই দুৰ্ঘটনাৰ সময়ত বহু লোকৰ মাজত এক প্ৰশ্নৰো অৱতাৰণা হৈছে- বিমানৰ কোনো নিৰ্দিষ্ট অংশৰ আসনত সম্ভাৱ্য দুৰ্ঘটনাৰ সময়ত বিপদাশংকা কম হয় নেকি? গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে বিমান দুৰ্ঘটনা হ’লে আসনৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি যাত্ৰীজনৰ জীৱনৰ বিপদ নিৰ্ণয় কৰিব পৰা যায়। বিমান বিশেষজ্ঞসকলে কয় যে বিমান দুৰ্ঘটনাৰ কাণ্ডত যিসকল যাত্ৰীয়ে নিজৰ বাবে মাজৰ আসনখন বাছি লয় তেওঁলোকৰ বাবে বিপদৰ সৰ্বাধিক আশংকা ৪৪%।

বিমান বিশেষজ্ঞসকলে বিমানখনৰ কোনখন আসন আটাইতকৈ বেছি জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে আৰু ক’ত বিপদ কম সেই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে। বিশেষজ্ঞসকলে কয় যে কম বিপদৰ আসনসমূহ বিমানখনৰ পিছফালৰ অংশত থাকে। দুৰ্ঘটনা সংঘটিত হ’লে কিছুমান আসনত মৃত্যুৰ আশংকা কিয় বেছি হয়? বিশেষজ্ঞসকলে ইয়াৰ কাৰণো দাঙি ধৰিছে।

বিমানখনৰ কোনখন আসন আটাইতকৈ নিৰাপদ আৰু কোনখন আসনে জীৱনৰ বাবে সৰ্বাধিক বিপদৰ সৃষ্টি কৰে সেই কথা বুজিবলৈ গৱেষণা কৰা হৈছে। এই গৱেষণাত গৱেষকসকলে সমগ্ৰ বিশ্বতে সংঘটিত হোৱা ১০৫টা বিমান দুৰ্ঘটনা বিশ্লেষণ কৰে। সেই বিমান দুৰ্ঘটনাসমূহত ৰক্ষা পৰা লোকসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছিল। গৱেষকসকলে কয় যে বিমানত অগ্নিকাণ্ড সংঘটিত হ’লে খিৰিকীৰ কাষৰ আসনত বহি থকা লোকসকলৰ আশংকা সৰ্বাধিক।

তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা ৫৩% থাকে। আনহাতে, সন্মুখত বহি থকা যাত্ৰীসকলৰ জীয়াই থকাৰ সম্ভাৱনা ৬৫% পৰ্যন্ত থাকে। ডেইলী মেইলত প্ৰকাশিত এক প্ৰতিবেদনত বিমান বিশেষজ্ঞসকলে কয় যে বিমানখনৰ মাজত থকা আসনত বহি থকা যাত্ৰীসকলৰ মৃত্যুৰ অধিক আশংকা থাকে। চেণ্ট্ৰেল কুইন্সলেণ্ড ইউনিভাৰ্চিটিৰ অধ্যাপক ডাগ ড্ৰুৰীৰ মতে বিমানখনৰ পিছফালে বহি থকাসকলেই আটাইতকৈ নিৰাপদ। এই আসনসমূহত মৃত্যুৰ আশংকা মাত্ৰ ২৮%।

টাইম মেগাজিনৰ এক তদন্তত দেখা গৈছে যে বিমানৰ পিছফালৰ আসনত মৃত্যুৰ আশংকা ৩২%, আনহাতে সন্মুখৰ তৃতীয়াংশত এই আশংকা ৩৮% হয়। গ্ৰীণউইচ বিশ্ববিদ্যালয়ৰ গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে জৰুৰীকালীন গেটৰ ওচৰত বহা লোকসকলে দুৰ্ঘটনাৰ সময়ত বিমানৰ পৰা কম সময়ৰ ভিতৰত ওলাই আহিব পাৰে। সেয়ে এই স্থানত বহা লোকসকলৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

এনে কাৰণতে বিমানৰ এই অংশত থকা আসনসমূহক নিৰাপদ বুলি গণ্য কৰা হয়। গৱেষকসকলে জানিব পাৰিছে যে যদিহে বিমানখনত জুই লাগে, তেতিয়া গেটৰ পৰা পাঁচ শাৰী আঁতৰত থকা আসনত বহি থাকিলে জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি পায়। অৱশ্যে এই সকলো দুৰ্ঘটনাৰ প্ৰকৃতিৰ ওপৰতো নিৰ্ভৰ কৰে।

UMANG এপৰ জৰিয়তে আপোনাৰ আধাৰক UAN ৰ সৈতে সহজে লিংক কৰক, কেনেকৈ কৰিব? জানক
এই ৭ টা অভ্যাসে অকালতে বৃদ্ধ কৰি তুলিব আপোনাৰ ছাল!
মানসিক চাপত ভুগিলে কি কি লক্ষণে দেখা দিয়ে? জানক,,,
মহিলাৰ HIV সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি ? জানক