এয়া নাগৰিকৰ অধিকাৰ…দুমাহৰ ভিতৰত নিষ্কাশন কৰিব লাগিব জামিন আবেদন

Sep 14, 2025 | 10:39 PM

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ সংমণ্ডল বিচাৰপীঠত শুনানি চলি থকা এটা গোচৰত ন্যায়াধীশসকলে কয় যে. জামিনৰ আবেদন দীৰ্ঘদিন স্থগিত কৰি আবেদনকাৰীক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিব নোৱাৰি। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে এই কথাও সোঁৱৰাই দিয়ে যে এনে ‘প্ৰথা’ এজন নাগৰিকৰ অধিকাৰ কৰ্তনৰ সমান।

বহু সময়ত বিভিন্ন গোচৰৰ জামিনৰ আবেদন উচ্চ ন্যায়ালয়ত ৰৈ থকা দেখা যায়। কিন্তু এতিয়াৰ পৰা আৰু এনে কৰিব নোৱাৰিব। দুমাহৰ ভিতৰত নিষ্কাশন কৰিব লাগিব জামিন আবেদন। অভিযুক্ত বা দোষীৰ মৌলিক অধিকাৰ আছে,  সেই কথা দেশৰ উচ্চ ন্যায়ালয়ক বুজাই দিছে উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে এক গোচৰৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ দিছে।

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ সংমণ্ডল বিচাৰপীঠত শুনানি চলি থকা এটা গোচৰত ন্যায়াধীশসকলে কয় যে. জামিনৰ আবেদন দীৰ্ঘদিন স্থগিত কৰি আবেদনকাৰীক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিব নোৱাৰি। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে এই কথাও সোঁৱৰাই দিয়ে যে এনে ‘প্ৰথা’ এজন নাগৰিকৰ অধিকাৰ কৰ্তনৰ সমান। ন্যায়াধীশগৰাকীয়ে এই আদেশৰ সমৰ্থনত সংবিধানৰ দুটা অনুচ্ছেদৰ কথা উল্লেখ কৰে।