পূৰ্বে কোনো ক্ৰিকেটাৰে কৰিব নোৱাৰা কৃতিত্ব অৰ্জন কৰিলে জাদেজাই

4 July 2025

TV9 ASSAM

ইংলেণ্ডৰ বিপক্ষে এডবাষ্টনত চলি থকা টেষ্টত ভাৰত শক্তিশালী স্থিতিত উপনীত হৈছে। প্ৰথমে বেটিং কৰি ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰে ৫৮৭ ৰান।

ভাৰত-ইংলেণ্ড

এই স্থিতিৰ মূলতে আছিল অধিনায়ক শুভমন গিলৰ দ্বিশতক। গিলে ইতিহাস সৃষ্টি কৰি খেলে ২৬৯ ৰানৰ এক মাৰাথান ইনিংছ।

গিল

এই ইনিংছটোৰে গিলে কেইবাটাও অভিলেখ ৰচে। ইফালে গিলক সংগ দি জাদেজায়ো ৮৯ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে।

অভিলেখ

শতক বঞ্চিত হ’লেও জাদেজাই এক ঈৰ্ষণীয় অভিলেখ ৰচে। বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ ৰূপে এই অভিলেখৰ গৰাকী হয় জাদেজা।

জাদেজা

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC)ৰ ইতিহাসত ২০০০ ৰান আৰু ১০০ উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈ ৰূপে পৰিগণিত হয় ভাৰতীয় অলৰাউণ্ডাৰগৰাকী।

WTC অভিলেখ

WTCৰ ইতিহাসত জাদেজাই এইপৰ্যন্ত ৪১খন মেচ খেলি তিনিটা শতক আৰু ১৩টা অৰ্ধশতকসহ প্ৰায় ৪০ গড়ে ২০১০ ৰান  সংগ্ৰহ কৰিছে।

ৰান

একে সময়তে ২৫.৯২ৰ গড়ে ১৩২টা উইকেটো লাভ কৰিছে তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে। এই সময়ছোৱাত তেওঁ ৬ বাৰ পাঁচ উইকেট দখল কৰিছে।

উইকেট

লগতে ইংলেণ্ডত ৭০০তকৈ অধিক ৰান সংগ্ৰহ কৰা আৰু ২৫টাতকৈ অধিক উইকেট দখল কৰা ভাৰত তথা এছিয়াৰ প্ৰথম খেলুৱৈ হিচাপেও ইতিহাস ৰচে।

আন এক অভিলেখ

পঢ়িবলৈ ক্লিক কৰক 

ফ্ৰীজৰ পৰা পানী লিকৰ কাৰণ আৰু সমাধান