TV9 ASSAM
আমি টোপনিত থকাৰ সময়ত ভিন্ন ধৰণৰ সপোন দেখোঁ। সপোন শাস্ত্ৰ মতে প্ৰতিটো সপোনেই কোনো শুভ বা অশুভ লক্ষণৰ সংকেত দিয়ে।
বহু লোকে সপোনত কাজিয়াৰ দৃশ্য দেখে। এনে সপোনৰো বিশেষ অৰ্থ আছে। কাজিয়াৰ সপোনৰ অৰ্থ পৰিস্থিতি অনুযায়ী বেলেগ বেলেগ হ’ব পাৰে।
সপোনত কোনো ঘনিষ্ঠ বন্ধুৰ সৈতে কাজিয়া হোৱা দেখাটো ভাল লক্ষণ নহয়। এনে সপোনৰৰ অৰ্থ হ’ল আপোনাৰ বন্ধুজন কঠিন পৰিস্থিতিত পৰিছে।
সপোনত সংগীৰ সৈতে কাজিয়া কৰাটো সম্পৰ্কত সংঘাতৰ লক্ষণ। এই সপোন অদূৰ ভৱিষ্যতে সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হোৱাৰ ইংগিত দিয়ে।
সপোনত যদি কোনোৱে নিজক আন কাৰোবাৰ সৈতে যুঁজা দেখিছে, এয়া সংঘাতৰ প্ৰতীক। আৱেগ দমন কৰি ৰখা লোকে এনে সপোন দেখিব পাৰে।
সপোনত কোনোৱে যদি আপোনাৰ ওপৰত খং কৰা বা নিজৰ ওপৰত খং কৰা দেখা পায়, তেতিয়া এয়া খং আৰু হতাশা দমাই ৰখাৰ প্ৰয়োজনীয়তাৰ ইংগিত দিয়ে।
পঢ়িবলৈ ক্লিক কৰক
শীতকালত এইসমূহ বনৌষধিয়ে পৰিষ্কাৰ কৰে বৃক্ক