ফিটনেছ বজাই ৰাখিবলৈ সঠিক খাদ্যাভ্যাস

December 1, 2025

TV9 ASSAM

ৰাতিপুৱা সাৰ পোৱাৰ পাছত গৰম পানীত মৌ আৰু নেমুৰ ৰস মিহলাই লওক। লগতে জিৰা তিয়াই থোৱা পানী খাব পাৰে।

পুৱা গৰম পানী

চাহ বা কফি খোৱাৰ অভ্যাস থাকিলে গাখীৰ আৰু চেনি খোৱা সম্পূৰ্ণ বন্ধ কৰক। গ্ৰীণ টি খাব পাৰে, ক’লা কফি খাব পাৰে। 

চাহ বা কফি

ডাবল টোন গাখীৰৰ লগত ওটচ মিহলাই খাব পাৰে। অথবা দৈৰ লগত ওটচ মিহলাই যিকোনো বতৰৰ ফল সৰু সৰুকৈ কাটি খাব পাৰে।

ব্ৰেকফাষ্ট

ওটচ পিহি গাজৰ, বীন, কেপচিকাম আৰু কটা পিঁয়াজৰ সৈতে মিহলাই অতি কম তেল দি ননষ্টিক কেৰাহীত ভাজিব পাৰে। শস্যৰ সলনি শাক-পাচলিৰে অমলেট বনাব পাৰে।

এই খাদ্য উপকাৰী

দিনৰ আহাৰত একাপ বগা চাউল, কম মছলা দি সিজোৱা শাক-পাচলি, এবাটি দালি, চিকেন বা পাতল মাছৰ জোলৰ লগতে চালাড খাব পাৰে।

দিনৰ আহাৰ

ৰাতিৰ আহাৰ লঘু হ’ব লাগে। ভাত বা ৰুটি খোৱাৰ সলনি সিজোৱা শাক-পাচলি, চিকেন, চালাড বা শাক-পাচলিৰ সৈতে চুৰুহা খাব পাৰে।

ৰাতিৰ আহাৰ

নিৰামিষভোজীৰ বাবে পনীৰ বা সৰিয়হৰ লগত তৰকাৰী বনাব পাৰে বা সকলো শাক-পাচলি মিহলাই খাব পাৰে।

নিৰামিষভোজী

পঢ়িবলৈ ক্লিক কৰক

কেঁচা পিঁয়াজ খালে কি হয় ?