কমলাৰ এনে অসাধাৰণ গুণে আচৰিত কৰিব আপোনাক

29 Jan 2026

TV9 ASSAM

কমলাত থকা ভিটামিন চি, এ, বি-কম্প্লেক্সৰ লগতে পটাছিয়াম আৰু মেগনেছিয়ামে শৰীৰক ভিতৰৰ পৰা শক্তিশালী কৰি ৰাখে।

পুষ্টিৰ ভাণ্ডাৰ

ফাইবাৰেৰে ভৰপূৰ কমলা খালে হজম শক্তি উন্নত হয়। ই গেছ, এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে।

উন্নত হজম শক্তি

শীতকালত চৰ্দি-কাহৰ পৰা বাচিবলৈ কমলা অতি প্ৰয়োজনীয়। ইয়াত থকা প্ৰচুৰ ভিটামিন চিয়ে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা

কমলাত থকা কেলচিয়াম আৰু ফছফৰাছে হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে। ই হাড়ৰ ক্ষয় ৰোধ কৰাটো কাৰ্যকৰী।

মজবুত হাড়

কমলাত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে।

হৃদযন্ত্ৰৰ সুৰক্ষা

শীতৰ দিনত ছাল শুকান হোৱাটো এক ডাঙৰ সমস্যা। কমলাত থকা এণ্টিঅক্সিডেণ্টে ছালখন আৰ্দ্ৰ কৰি ৰাখে আৰু প্ৰাকৃতিক উজ্জ্বলতা ঘূৰাই আনে।

ছালৰ উজ্জ্বলতা

পঢ়িবলৈ ক্লিক কৰক 

বেছিকৈ উতলোৱা চাহ খালে হ'ব পাৰে এনে সমস্যা