TV9 ASSAM
ঠাণ্ডা বতৰত আমাৰ শৰীৰৰ শিৰাবোৰ সংকুচিত হৈ পৰে, ফলত তেজৰ চলাচলত বাধাৰ সৃষ্টি হয় আৰু ৰক্তচাপ বৃদ্ধি পায়। সাৱধান নহ’লে হৃদযন্ত্ৰ, মগজুৰো সমস্যা হ’ব পাৰে।
নহৰুৱে তেজৰ চলাচল উন্নত কৰাৰ লগতে শিৰাবোৰক শিথিল কৰি ৰাখে। বিশেষজ্ঞৰ মতে, দৈনিক কেঁচা বা ৰন্ধা নহৰু খালে শীতকালত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত যথেষ্ট সহায় হয়।
আপেল, সুমথিৰা আৰু ডালিমৰ দৰে ফলত প্ৰচুৰ এণ্টি-অক্সিডেণ্ট থাকে। এইবোৰে হৃদযন্ত্ৰক সুস্থ ৰাখে আৰু শীতকালত ৰক্তচাপৰ সৈতে জড়িত বিপদসমূহ হ্ৰাস কৰে।
পালেং, মেথি আৰু লাইৰ দৰে সেউজীয়া শাকত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। পটাছিয়ামে ৰক্তচাপ সন্তুলিত কৰি ৰখাত সহায় কৰে।
তিসি বীজ, মাছ আদিত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে। ই শৰীৰৰ প্ৰদাহ কম কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
আখৰোট আৰু বাদামত থকা স্বাস্থ্যকৰ চৰ্বি হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। নিয়মিত সীমিত পৰিমাণে আখৰোট আৰু বাদাম খালে ঠাণ্ডাত বৃদ্ধি পোৱা ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
পাচলি বা দাইলৰ পৰা তৈয়াৰী গৰম চুপে শৰীৰটোক ভিতৰৰ পৰা গৰম কৰি ৰাখে। ই শিৰাৰ জঠৰতা কম কৰে আৰু ৰক্তচাপ স্বাভাৱিক কৰাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক
ফেটি লিভাৰৰ পৰা বাচিবলৈ কৰক এনে কাম