শীতকালত কোষ্ঠকাঠিন্যৰ পৰা উপশম পাবলৈ কি কি খাদ্য খাব ?

December 5, 2025

TV9 ASSAM

কোষ্ঠকাঠিন্যত ভোগাসকলে জানে এই সমস্যা কিমান কষ্টদায়ক। বছৰৰ আন সময়ত কাৰোবাৰ মলত্যাগত সমস্যা নাথাকিলেও ঠাণ্ডা দিনত এই সমস্যা বেছিকৈ হোৱা দেখা যায়।

কোষ্ঠকাঠিন্য

কোষ্ঠকাঠিন্য সমস্যাৰ পৰা উপশম পাবলৈ কি কি খাদ্য খাব লাগে ? জানোঁ আহক।

খাদ্য

অমিতাত পেপেইন নামৰ এনজাইম থাকে, যিয়ে পাচনতন্ত্ৰ পৰিষ্কাৰ কৰি প্ৰদাহ কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও অমিতাত পানী আৰু আঁহ থাকে, যিবোৰে মল বাহিৰ কৰাত সহায় কৰে।

পকা অমিতা

শণৰ গুটি পানীত তিয়াই দিলে জেলীৰ দৰে পদাৰ্থলৈ পৰিণত হয়। কোষ্ঠকাঠিন্য সমস্যাৰ পৰা উপশম পাবলৈ এই পানী খাব পাৰে।

শণৰ গুটি

মলত্যাগ কৰাৰ সময়ত বিষ হোৱা লোকৰ বাবে চিয়া চিড ভাল। ৰাতিপুৱা খালী পেটত চিয়া তিয়াই থোৱা পানী খালে পেট পৰিষ্কাৰ হয়। 

চিয়া চিড

নিয়মিত দালি সেৱনেও কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে। মচুৰ দাইল, মুং আদিত আঁহ আৰু প্ৰটিন দুয়োটা থাকে। 

দালি

এই আলুত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ আৰু ভিটামিন থাকে। ইয়াত পটাছিয়াম, পানী আৰু আঁহ থাকে যিয়ে মল কোমল কৰাত সহায় কৰে।

গৰিয়া আলু

পঢ়িবলৈ ক্লিক কৰক

আদা দিয়া চাহ খালে কি হয় ?