TV9 ASSAM
শীতকালত চৰ্দি, কাহ আৰু জ্বৰ আদি সমস্যা বৃদ্ধি পায়। এই ক্ষেত্ৰত আদা দিয়া চাহ খালে বহু উপকাৰ পোৱা যায়।
আমাৰ সমাজত আদা চৰ্দি আৰু কাহৰ ঘৰুৱা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ডিঙিৰ বিষ, কফ, নাক বন্ধ হোৱা আদি সমস্যা কমোৱাত সহায় কৰে।
আদাত থকা এন্টিঅক্সিডেন্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এই সময়ছোৱাত আদা খাব লাগে।
আদা দিয়া চাহে হজম শক্তি উন্নত কৰে। গেছ, পেট ফুলা, বদহজম আৰু পেটৰ বিষ কমোৱাত ই অতি ফলপ্ৰসূ।
ইয়াত জিঞ্জাৰল থাকে যিয়ে প্ৰদাহ কমায়। ফলত পেশী আৰু হাড়ৰ বিষ, আনকি মাইগ্ৰেইনৰ দৰে বিষ কমোৱাত সহায় কৰে।
আদাৰ চাহে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যাৰ ফলত শীতকালতো শৰীৰ গৰম হৈ থাকে আৰু হৃদযন্ত্ৰ সক্ৰিয় হৈ থাকে। ধমনীত চৰ্বি বা কলেষ্টেৰল জমা হ’বলৈ নিদিয়ে।
বুকুত কফ বা ঠাণ্ডাৰ বাবে উশাহ-নিশাহৰ সমস্যা হ’লে আদাৰ চাহে প্ৰাকৃতিক ঔষধ হিচাপে কাম কৰে। ই হাওঁফাওঁৰ স্বাস্থ্যও উন্নত কৰে।
পঢ়িবলৈ ক্লিক কৰক