TV9 ASSAM
ৰক্তচাপৰ সমস্যা এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ ফলত বহুলোকে অকস্মাতে প্ৰাণ হেৰুওৱা দেখা গৈছে।
ৰক্তচাপত ভুগি থকা কিছু লোকৰ কেতিয়াবা হঠাতে ৰক্তচাপ বৃদ্ধি পাব পাৰে। এই সময়ত ভীতিগ্ৰস্ত হ’লে অধিক বিপদ হয়।
তেনে সময়ত ব্যক্তিজনক ফেন লগাই আৰামত বহিবলৈ দিয়ক। বতাহ ভালদৰে লগাকৈ চাৰিওফালে ভিৰ কৰাৰ পৰা বিৰত থাকক।
বহি থকাতে তেওঁক পানী খাবলৈ দিয়ক। প্ৰস্ৰাৱ কৰিলে ৰক্তচাপত যথেষ্ট সকাহ পায়। সেয়ে সম্ভৱ হ’লে দুই গিলাচ পানী খাবলৈ দিয়ক।
কল, আপেল, কিৱি আদি ফল উচ্চ ৰক্তচাপ থকা লোকৰ বাবে উপকাৰী বুলি কোৱা হয়। সেয়ে পানীৰ পিছত এনে ফল খাবলৈ দিব পাৰে।
উচ্চ ৰক্তচাপত নেমুৰ ৰস মিহলি পানীয়েও সকাহ দিব পাৰে। পিছে নেমুৰ ৰস দিয়া পানীত নিমখ বা চেনি দিয়াৰ পৰা বিৰত থাকক।
পঢ়িবলৈ ক্লিক কৰক
এইগৰাকী তাৰকাৰ কেৰিয়াৰৰ ঘটিল অৱসান!