নিশা দেৰিলৈকে মোবাইল ব্যৱহাৰ কৰিলে ডায়েবেটিছ হয় নেকি?

08 DEC 2025

TV9 ASSAM

বৰ্তমান সময়ত অধিকাংশ লোকেই নিশা দেৰিলৈকে মোবাইল ফোন ব্যৱহাৰ কৰে। কিন্তু ই ডায়েবেটিছৰ কাৰণ হৈ পৰে নেকি? জানো আহক।

মোবাইল ব্যৱহাৰ

নিশা মোবাইলৰ পৰা নিৰ্গত নীলা পোহৰে মগজু সজাগ কৰি ৰাখে। লগতে ই টোপনিত সহায়ক মেলাটনিন হৰম’ন উৎপাদনত বাধা দিয়ে। ফলত টোপনিত ব্যাঘাত জন্মে।

টোপনিত প্ৰভাৱ

পৰ্যাপ্ত পৰিমাণে টোপনি নহ’লে শৰীৰৰ ইনচুলিনৰ ওপৰত নিয়ন্ত্ৰণ দুৰ্বল হৈ পৰে। ইয়াৰ ফলত চেনিৰ মাত্ৰা ভাৰসাম্যহীন হ’ব পাৰে।

কি হয় তেতিয়া

এক অধ্যয়ন অনুসৰি টোপনিৰ অভাৱত বিশেষকৈ খাদ্য খোৱাৰ পিছত ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ ক্ষমতা হ্ৰাস পায়। গতিকে দেৰিলৈকে মোবাইল ব্যৱহাৰ হৈ পৰে ডায়েবেটিছৰ কাৰণ।

টোপনি-চুগাৰৰ সংযোগ

নিশা দেৰিলৈকে মোবাইল ব্যৱহাৰ কৰিলে মনটো সক্ৰিয় হৈ থাকে, ফলত মানসিক চাপ বৃদ্ধি পায়। মানসিক চাপৰ ফলত কৰ্টিছল বৃদ্ধি পায়, ইয়াৰ ফলত চুগাৰ বৃদ্ধি পায়।

মানসিক চাপ

কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে অধিক সময় মোবাইল-লেপটপ ব্যৱহাৰ কৰা লোকৰ টাইপ ২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা অধিক।

গৱেষণাই কি কয়?

নিশা দেৰিলৈকে মোবাইল ব্যৱহাৰ কৰিলে প্ৰত্যক্ষভাৱে চুগাৰ বৃদ্ধি নহয় যদিও টোপনি আৰু হৰম’নৰ পৰিৱৰ্তনৰ বাবে প্ৰভাৱ পৰিব পাৰে।

পৰোক্ষ প্ৰভাৱ

পঢ়িবলৈ ক্লিক কৰক 

পেট পৰিষ্কাৰ কৰিবলৈ খালী পেটত কি খাব লাগে?