January 20, 2026
TV9 ASSAM
শৰীৰত আইৰণ, ফলিক এচিড বা ভিটামিন বি ১২ৰ দৰে পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবে ৰক্তহীনতা হয়।
মহিলাৰ ঋতুস্ৰাৱৰ সময়ত অত্যধিক ৰক্তক্ষৰণ, পেট বা অন্ত্ৰত ঘাঁ, আঘাত বা অস্ত্ৰোপচাৰৰ ফলত অত্যধিক ৰক্তক্ষৰণৰ বাবেও এনে হয়।
বৃক্ক বা যকৃতৰ লগত জড়িত ৰোগ, কেন্সাৰ, সংক্ৰমণ বা আন যিকোনো ৰোগৰ বাবেও শৰীৰত তেজৰ অভাৱ হয় ।
তেজৰ অভাৱ পূৰণ কৰিবলৈ খাদ্যৰ তালিকাত প্ৰচুৰ পৰিমাণে পালেং শাক, কলডিল, ৰঙা মৰিচা আদি সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক ।
ইয়াৰ লগতে খাদ্যৰ তালিকাত দাইল, ফল-মূল, কণী, মাছ, গাখীৰ আদি পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে।
প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ মতে আইৰণ, ফলিক এচিড আৰু ভিটামিন বি ১২ৰ পৰিপূৰক গ্ৰহণ কৰিব পাৰে ।
মাজে মাজে তেজৰ পৰীক্ষা কৰি থাকিব। দীৰ্ঘদিন ধৰি ৰক্তহীনতা সমস্যা সন্মুখীন হ'লে চিকিৎসকৰে যোগাযোগ কৰক।
পঢ়িবলৈ ক্লিক কৰক