21 June 2025
TV9 ASSAM
Photos Credit: Getty Images
সময়মতে ব্ৰাছ নকৰিলে বা ভুল পদ্ধতিৰে ব্ৰাছ কৰিলে দাঁতৰ আলু ফুলিব পাৰে। ই বেক্টেৰিয়া সংক্ৰমণৰ লক্ষণ ।
জিনজিভাইটিছৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল দাঁতৰ আলু ফুলা আৰু ৰক্তক্ষৰণ। মুখত বেক্টেৰিয়া বৃদ্ধিৰ ফলত এই সমস্যা হয়।
দাঁতৰ বাবেও পুষ্টিকৰ খাদ্য অতি গুৰুত্বপূৰ্ণ, ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল ভিটামিন চি। ভিটামিন চিৰ অভাৱত এই সমস্যা হ’ব পাৰে।
কেতিয়াবা দাঁতৰ ফাঁকত খাদ্য আবদ্ধ হৈ পৰে। এই আবদ্ধ খাদ্য পৰিষ্কাৰ নকৰিলে পচিবলৈ আৰম্ভ কৰে আৰু মুখত বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে।
ইয়াৰ ফলত দাঁতৰ আলুৰ স্বাস্থ্যৰ ক্ষতি হয়। মুখৰ পৰা বেয়া গোন্ধ ওলায়। ইয়াৰ ফলত আলু ফুলিব পাৰে ।
দাঁতৰ আলু ফুলাৰ পৰা উপশম পাবলৈ কুহুমীয়া নিমখ পানীৰে মুখৰ ভিতৰটো পৰিষ্কাৰ কৰক ।
যদি দীৰ্ঘদিন ধৰি আপোনাৰ দাঁতৰ আলু ফুলি থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক । ই গুৰুতৰ ৰোগৰ লক্ষ্যণ হ'ব পাৰে ।
পঢ়িবলৈ ক্লিক কৰক