December 23, 2025
TV9 ASSAM
দৈনিক খাদ্য হজম কৰাত বিপাকীয় ক্ৰিয়া গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰত মদ প্ৰৱেশ মানে অতিৰিক্ত কেলৰি প্ৰৱেশ কৰা।
কিন্তু ই বিপাকীয় ক্ৰিয়াত বাধাৰ সৃষ্টি কৰে, যাৰ ফলত দ্ৰুতগতিত ওজন বৃদ্ধি পায়। ফলত আপোনাৰ পেট বাঢ়ি যাব।
মদ্যপানৰ ফলত ভোক আৰু তৃপ্তি নিয়ন্ত্ৰণ কৰা লেপ্টিন আৰু ঘ্ৰেলিন হৰম’নৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। ফলত অতিমাত্ৰা খাদ্য খোৱাৰ প্ৰৱণতা দেখা যায়।
মদ্যপানৰ ফলত কৰ্টিছলৰ নিঃসৰণ বৃদ্ধি পায়। ফলত টোপনিৰ ওপৰতো প্ৰভাৱ পৰে। এলাহ আৰু ভাগৰ বাঢ়ি যায়। গতিকে ওজন বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।
মদ্যপান কৰিলে যকৃতত চৰ্বি জমা হ’ব পাৰে। চৰ্বিযুক্ত যকৃতে ওজন নিয়ন্ত্ৰণ আৰু সুস্থ বিপাকীয় ক্ৰিয়া বজাই ৰখাটো কঠিন কৰি তোলে।
এই সমস্যা ৰোধ কৰিবলৈ মদ্যপান ত্যাগ কৰক বা অত্যধিক মদ্যপান কৰাৰ পৰা বিৰত থাকক। অত্যধিক মদ্যপানে এই সমস্যা সৃষ্টি কৰিব পাৰে।
ক্ৰমান্বয়ে মদ্যপান হ্ৰাস কৰি আপুনি এই অভ্যাস নিজৰ নিয়ন্ত্ৰণ আনিব পাৰে। লগতে বিশেষজ্ঞ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক