24 Sept 2025
TV9 ASSAM
ভাল স্বাস্থ্যত খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ সেউজীয়া শাক-পাচলি ভাল স্বাস্থ্যৰ বাবে অতি উপকাৰী। এনে এবিধ পাচলি পানি লাউ। য'ত কম কেলৰি থাকে, যি হাইড্ৰেটৰ বাবে ভাল।
কিন্তু সকলোৰে বাবে পানি লাউ ভাল নহয়। কিছুমান লোকে পানি লাউ খাব নালাগে। গতিকে কোনো খাব নালাগে ইয়াৰ বিষয়ে জনা দৰকাৰ।
গৰ্ভৱতী মহিলাসকলে পানি লাউ খাব নালাগে। কিয়নো পানি লাউত এনে কিছুমান উপাদান থাকে যিয়ে শিশুৰ বিকাশত প্ৰভাৱিত কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল বা বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে।
যিসকল লোকৰ নিম্ন ৰক্তচাপৰ সমস্যা আছে সেইসকলৰ বাবে পানি লাউ ভাল নহয়। এই লোকসকলে বেছিকৈ পানি লাউ খোৱাৰ ফলত মূৰ ঘূৰোৱা, ভাগৰুৱা, অজ্ঞানতা আদি হ'ব পাৰে।
পানি লাউত পটেছিয়াম অত্যধিক পৰিমাণে থাকে। গতিকে যিসকল লোকৰ বৃক্কজনিত সমস্যা আছে সেইসকলে পানি লাউ খাব নালাগে। বেছি পটেছিয়ামে বৃক্কত বেয়া প্ৰভাৱ পেলায়।
যিসকলৰ পেটৰ লগত জড়িত সমস্যা যেনে পেট ফুলা, গেছ, কোষ্ঠাকাঠিণ্য আদিৰ সমস্যা থাকে তেনে লোকে বেছি পানি লাউ খাব নালাগে। ইয়াৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে।
বহুতে পানি লাউৰ জুচ তৈয়াৰ কৰি খায়। কিন্তু তিতা পানি লাউ খাব নালাগে। ই মাৰাত্মক হ'ব পাৰে। গতিকে এনে লোকসকলে পানী লাউ কমকৈ খাব লাগে। অধিক জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক