24 Sept 2025
TV9 ASSAM
প্ৰতিখন দেশৰে নিজা নিজা মুদ্ৰা থাকে। ইয়াৰোপৰি প্ৰতিখন দেশৰ মুদ্ৰাৰ মূল্য প্ৰতিখন দেশৰ লগত বেলেগ। ভাৰতৰ মুদ্ৰাৰ মূল্যৰ লগতো বিভিন্ন দেশৰ মুদ্ৰাৰ পাৰ্থক্য আছে।
ভাৰতৰ মুদ্ৰাৰ মূল্য কিছুমান দেশত কম হয় আৰু কিছুমানত বেছি হয়। উদাহৰণ স্বৰূপে ভিয়েটনামত ভাৰতৰ মুদ্ৰাৰ মূল্য অধিক, আনহাতে আমেৰিকাত অতি কম।
ছিংগাপুৰ এখন ধনী ৰাষ্ট্ৰ। ছিংগাপুৰৰ মুদ্ৰাৰ মূল্যও অধিক। সাধাৰণতে ছিংগাপুৰত যাবলৈ অধিক ধন খৰচ হয়। গতিকে প্ৰশ্ন হয়, ছিংগাপুৰত ভাৰতীয় মুদ্ৰাৰ মূল্য কিমান হৈ পৰে?
ভাৰতৰ ১ টকাৰ মূল্য ছিংগাপুৰত ০.০৫১ ছিংগাপুৰ ডলাৰ হয়। এক কথাত ভাৰতৰ মুদ্ৰাৰ মূল্য ছিংগাপুৰত অতি কম হৈ পৰে। আনহাতে ১ ছিংগাপুৰ ডলাৰৰ মূল্য ভাৰতত ৬৮.৯০ টকা হৈ পৰে।
ভাৰতৰ ১০০ টকা মূল্য ছিংগাপুৰত ১.৪৫ ছিংগাপুৰ ডলাৰ হয়। ইয়াৰ দ্বাৰা বুজি পোৱা যায় ভাৰত-ছিংগাপুৰৰ মুদ্ৰাৰ মূল্যৰ পাৰ্থক্য। আনহাতে ছিংগাপুৰৰ ১০০ ছিংগাপুৰ ডলাৰৰ মূল্য ভাৰতত ৬৮৯০.৭৬ টকা হয়।
ৰিপাব্লিক অৱ ছিংগাপুৰৰ অফিচিয়েল মুদ্ৰা ছিংগাপুৰ ডলাৰ। যাৰ কো়ড SGD.ইয়াক সাধাৰণতে ডলাৰ চিহ্ন $, বা S$ ৰে সংক্ষিপ্ত কৰা হয়।
ছিংগাপুৰৰ মুদ্ৰা কৰ্তৃপক্ষই ছিংগাপুৰ ডলাৰৰ বেংকনোট আৰু মুদ্ৰা জাৰি কৰে।২০২৪ চনৰ হিচাপত ছিংগাপুৰ ডলাৰ বিশ্বৰ ১৩ নং সৰ্বাধিক ব্যৱসায়িক মুদ্ৰা
পঢ়িবলৈ ক্লিক কৰক