25Jan 2026
TV9 ASSAM
মিঠা আলুৰ বহু উপকাৰী গুণ আছে। কিন্তু সকলোৰে বাবে মিঠা আলু ভাল নহয়। কিছুমান বিশেষ সমস্যা থকা লোকে মিঠা আলু খাব নালাগে। সমস্যা আহিব পাৰে।
ডায়েবেটিছ থকা লোকসকলে মিঠা আলু খাব নালাগে। এয়া বেছিকৈ খালে ই তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গতিকে খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।
আজিকালি প্ৰায়ভাগ মানুহে কিডনী ষ্টোনৰ সমস্যাত ভোগে। যিসকল লোকৰ কিডনী ষ্টোনৰ সমস্যা আছে তেনে লোকে মিঠা আলু খাব নালাগে।
যিসকল লোকৰ পাচনতন্ত্ৰৰ সমস্যা আছে তেনে লোকে মিঠা আলু খাব নালাগে। ই পেটত গেছ,বিষ, পেট ফুলা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে।
মিঠা আলুত বহু পৰিমাণে পটেছিয়াম থাকে। যাৰ বাবে হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলৰ বাবে মিঠা আলু বেয়া। গতিকে এনে লোকে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।
মিঠা আলুত কেলৰি আৰু ষ্টাৰ্চ অধিক পৰিমাণে থাকে। গতিকে আপুনি যদি ওজন কম কৰাৰ কথা ভাবিছে তেন্তে মিঠা আলু খাব নালাগে।
এই লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। কিন্তু আপোনাৰ যদি স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা আছে তেন্তে যিকোনো বস্তু খোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
পঢ়িবলৈ ক্লিক কৰক