25Jan 2026
TV9 ASSAM
পাকঘৰৰ এবিধ জৰুৰী মচলা নহৰু। ই খাদ্যৰ লগতে স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত সহায় কৰে। প্ৰায় সকলোৰে পাকঘৰত নহৰু থাকে।
কিন্তু সকলোৰে বাবে নহৰু ভাল নহয়। কিছুমান বিশেষ সমস্যা থকা লোকে নহৰু খাব নালাগে। যিকোনো শাৰীৰিক সমস্যা থকা লোকে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লব লাগে।
যিসকল লোকৰ পাচনতন্ত্ৰৰ লগত জড়িত সমস্যা আছে তেনে লোকে নহৰু খাব নালাগে। এচিডিটি, পেটৰ জ্বলা পোৰা আদি সমস্যা থকা লোকৰ বাবে নহৰু বেয়া।
যিসকল লোকৰ ব্লাড প্ৰেচাৰৰ সমস্যা আছে তেনে লোকে নহৰু খাব নালাগে। এনে লোকে খালে দুৰ্বল অনুভৱ হব পাৰে। ইয়াৰোপৰি মূৰ ঘূৰোৱা আদি সমস্যা হ'ব পাৰে।
তেজৰ লগত জড়িত কিছুমান সমস্যা থকা লোকে নহৰু খাব নালাগে। নহৰুই তেজ পাতল কৰে। ইয়াৰ ফলত ব্লিডিঙৰ সম্ভাৱনা বৃদ্ধি পায়।
গৰ্ভৱতী আৰু স্তনপান কৰাই থকা মহিলাসকলে নহৰু খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে। অধিক পৰিমাণে নহৰু খালে গৰ্ভ সংকুচিত হৈ পৰিব পাৰে।
কিবা অস্ত্ৰোপচাৰ হ'লে তাৰ আগত বা পাছত নহৰু খাব নালাগে। কিয়নো ই ৰক্তাক্ষৰণৰ সম্ভাৱনা বৃদ্ধি কৰে।
পঢ়িবলৈ ক্লিক কৰক