29 Dec 2025
TV9 ASSAM
বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰি শৰীৰ সুস্থ ৰখাত সহায় কৰে। আজিকালি বহুতে কিডনীৰ সমস্যাত ভোগে। যাৰ বাবে ইয়াৰ যত্ন লোৱা প্ৰয়োজন।
বৃক্কৰ স্বাস্থ্যৰ ক্ষেত্ৰত পানীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পানীয়ে বৃক্ক সুস্থ কৰি ৰাখে। গতিকে প্ৰশ্ন হয়, দৈনিক কিমান পানী খালে বৃক্ক সুস্থ থাকে।
পুৰুষৰ ক্ষেত্ৰত দিনটোত প্ৰায় ৩.৭ লিটাৰ তৰল পদাৰ্থৰ প্ৰয়োজন। ইয়াৰ ভিতৰত পানী, চাহ, জুচ, খাদ্যৰ পানী আদি সকলো অন্তৰ্ভুক্ত আছে। জিম কৰাসকলে ১ লিটাৰ বেছি খাব পাৰে।
মহিলাসকলৰ বাবে দিনটোত প্ৰায় ২.৭ লিটাৰৰ পৰা ৩ লিটাৰ পানীৰ প্ৰয়োজন। এই পানীয়ে ছালৰ পৰা আৰম্ভ কৰি শৰীৰ সুস্থ কৰি ৰাখে। জিম, ব্যায়াম কৰাসকলে ১ লিটাৰ বেছি পানী খাব পাৰে।
যেতিয়া বৃক্ক সুস্থ অৱস্থাত থাকে তেতিয়া প্ৰস্ৰাৱৰ ৰং সাধাৰণ অৱস্থাত থাকে বা আন সমস্যাৰো সৃষ্টি নহয়। কিন্তু যেতিয়া প্ৰস্ৰাৱ গাঢ়, ভাগৰ, দুৰ্বলতা, বিষ আদি হয় তেতিয়া বৃক্কৰ সমস্যাৰ লক্ষণ হ'ব পাৰে।
যেতিয়া কিডনী ৰোগ হয় তেতিয়া কম পানী খাব লাগে। কিয়নো এনে অৱস্থাত কিডনীয়ে অতিৰিক্ত পানী বাহিৰ কৰিব নোৱাৰে।
গতিকে বৃক্ক সুস্থ কৰি ৰাখিবলৈ পানী খোৱা গুৰুত্বপূৰ্ণ। ইয়াৰোপৰি ব্যায়াম, সুষম খাদ্য গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।
পঢ়িবলৈ ক্লিক কৰক