TV9 ASSAM
ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ব্লাড চুগাৰৰ মাত্ৰা হঠাতে কমি যোৱাটো বিপদৰ কাৰণ হৈ পৰিব পাৰে। পিছে তেনে হ’লে কি কৰিব লাগে?
হঠাতে মূৰ ঘূৰোৱা, ঘাম ওলোৱা, অস্থিৰতা, দেহত কঁপনি অনুভৱ কৰা আদি ব্লাড চুগাৰৰ মাত্ৰা হ্ৰাসৰ লক্ষণ হ’ব পাৰে।
যদি হঠাতে এইদৰে চুগাৰৰ মাত্ৰা কমি যায়, আতংকিত নহ’ব। চুগাৰৰ মাত্ৰা পূৰ কৰিবলৈ লগে লগে কিছুমান কাম কৰিব লাগে।
ৰোগীয়ে যদি কথা কোৱাত বা খোজ কঢ়াত অসুবিধা পায় বা দুৰ্বল অনুভৱ কৰে, লগে লগে তেওঁক বহিবলৈ দি চেনীৰ দৰে মিঠা খাদ্য খাবলৈ দিয়ক।
চুগাৰৰ পৰিমাণ কমিলে ৰোগীক গ্লুক’জ ড্ৰিংক, কমলাৰ ৰস বা মিঠাইৰ দৰে খাদ্য খাবলৈ দিয়াটো সকাহৰ আটাইতকৈ সহজ উপায়।
চুগাৰৰ মাত্ৰা হ্ৰাসৰ সময়ত ৰোগী কেতিয়াবা ষ্ট্ৰোক বা অজ্ঞান হৈ পৰিব পাৰে। এনে পৰিস্থিতিত সময়মতে উপযুক্ত সহায় তথা মিঠা সামগ্ৰী খাবলৈ দিলে বিপদ দূৰ হয়।
পঢ়িবলৈ ক্লিক কৰক
ৰাসায়নিক দ্ৰৱ্য দি পকোৱা কল কিদৰে চিনিব?