এইগৰাকী তাৰকাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ঘটিল অৱসান!

05 Oct 2025

TV9 ASSAM

আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে কালি বিচিচিআইয়ে ভাৰতীয় দল ঘোষণা কৰে। এই ভ্ৰমণত ভাৰতে এদিনীয়া আৰু টি-২০ শৃংখলা খেলিব।

ভাৰতীয় দল

অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় এদিনীয়া দলৰ নতুন অধিনায়ক হিচাপে দেখা যাব শুভমন গিলক। এদিনীয়া দলত দেখা যাব নতুন মুখকো।

নতুন অধিনায়ক

লক্ষণীয়ভাৱে এই দুয়োটা দলতে স্থান লাভ কৰা নাই অভিজ্ঞ তাৰকা পেচাৰ মহম্মদ ছামিৰ। তাৰ পিছতে তেওঁৰ কেৰিয়াৰক লৈ চৰ্চা চলিছে।

স্থান নহ’ল

আঘাতৰ বাবে ছামিৰ কেৰিয়াৰ বিগত কিছুদিন ধৰি চিন্তাত সোমাই পৰিছিল। ২০২৩ৰ বিশ্বকাপৰ পিছৰে পৰা তেওঁ দীৰ্ঘসময় খেলৰ পৰা আঁতৰি আছিল।

কেৰিয়াৰ

ইয়াৰ পিছত তেওঁ টি-২০ আৰু এদিনীয়া খেলিছে যদিও টেষ্টত স্থান পোৱা নাই। চেম্পিয়নছ ট্ৰফীৰ ফাইনেল আছিল তেওঁৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ।

প্ৰত্যাৱৰ্তন

শেহতীয়াকৈ তেওঁ বেংগালুৰুত নিজৰ ফিটনেছৰ বাবে কাম কৰি আছে। কিন্তু এতিয়া দলৰ পৰা বাদ পৰাৰ পিছত ৩৫ বৰ্ষীয় ছামিৰ কেৰিয়াৰৰ ভৱিষ্যত সন্দেহৰ মাজত সোমাই পৰিছে।

ফিটনেছ

পঢ়িবলৈ ক্লিক কৰক 

বৃক্ক সুস্থ কৰি ৰাখিবলৈ এদিনত কিমান পানী খাব