প্ৰেমানন্দ মহাৰাজে ক'লে ভগৱানৰ কৃপা লাভৰ সংকেত

 24june 2025

TV9 ASSAM

প্ৰায় প্ৰতিগৰাকী ব্যক্তিয়ে বিচাৰে ভগৱানৰ আশীৰ্বাদ। যাৰ বাবে মানুহে প্ৰাৰ্থনা কৰে। সকলো মানুহৰ জীৱনলৈ ভাল-বেয়া সময় আহে। গতিকে মানুহে সদায় ধৈৰ্য ধৰা দৰকাৰ।

ভগৱান

মধুৰা-বৃন্দাবনৰ জনপ্ৰিয় বাবা প্ৰেমানন্দ মহাৰাজে কিছুমান এনে সংকেতৰ বিষয়ে উল্লেখ কৰিছে যাৰ দ্বাৰা আপুনি গম পাব পাৰে যে ভগৱান আপোনাৰ লগত আছে।

প্ৰেমানন্দ মহাৰাজ

অপৰাধীৰ দেখিলেও খং নুঠা আৰু ক্ষমা কৰি দিয়া শ্ৰীহৰিৰ কৃপা তথা তেওঁ লগত থকাৰ সংকেত। ভগৱান শ্ৰীকৃষ্ণই সদায় খং ত্যাগ কৰি ক্ষমা কৰাৰ কথা কয়।

ক্ষমা

যাৰ ওপৰত ভগৱানৰ কৃপা থাকে তেওঁলোকে বাহিৰে আৰু  ভিতৰে পবিত্ৰ থাকে। এনে ব্যক্তিৰ পবিত্ৰতাৰ জ্ঞান নাথাকে। কোনো কাৰণতে তেওঁলোকৰ মনত প্ৰতাৰণা বা প্ৰৱঞ্চনা নাথাকে।

পবিত্ৰতা

যি ব্যক্তিৰ ওপৰত ভগৱানৰ কৃপা থাকে তেনে ব্যক্তিয়ে নিজৰ লাভৰ বাবে কোনো ধৰণৰ কাম নকৰে বা অনুষ্ঠানৰ আয়োজন নকৰে।  এনে ব্যক্তিৰ কোনো বস্তুৰ প্ৰতি লোভ বা মোহ নাথাকে।

কাম

যদি ভক্তৰ ওপৰত ভগৱানৰ কৃপা থাকে তেন্তে তেনে ব্যক্তিয়ে আনৰ বাবে প্ৰাৰ্থনা কৰে। সেই প্ৰাৰ্থনাত তেওঁলোকে আনৰ সুখ-শান্তি, সমৃদ্ধিৰ কামনা কৰে।

আনৰ চিন্তা

বিশেষ কোনো সম্পৰ্ক নথকাকৈ সকলোৰে প্ৰতি দয়া ভাব এনে ব্যক্তিৰ লক্ষণ। যদি আপোনাৰ মনত সকলোৰে বাবে দয়া, মৰম আছে তেন্তে আপোনাৰ ওপৰত ভগৱানৰ কৃপা থকাৰ লক্ষণ।

দয়া

পঢ়িবলৈ ক্লিক কৰক 

হালধিৰ গুণ