26 JUNE 2025
TV9 ASSAM
যকৃতত অতিৰিক্ত চৰ্বি জমা হোৱা অৱস্থা হ’ল ফেটি লিভাৰ। ই যকৃতৰ কাম-কাজত প্ৰভাৱ পেলায়। ইয়াৰ ফলত লিভাৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
অত্যধিক মদ্যপান, বেয়া খাদ্যাভ্যাস, ধূমপান, মেদবহুলতা আৰু ব্যায়ামৰ অভাৱৰ ফলত ফেটি লিভাৰৰ সমস্যা হয়।
ফেটি লিভাৰ হোৱা ৰোগীয়ে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল’ব লাগে। এনে পৰিস্থিতিত তেওঁলোকে কি খাব লাগে আৰু কি খাব নালাগে জানো আহক।
মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে কয় যে ফেটি লিভাৰত অটছ, ব্ৰাউন ৰাইচ, ডালিয়া, আপেল, অমিতা, কমলা, পালেং, পানীলাউ, জিকা, দাইল, পনিৰ, কণী, মাছ, আলমণ্ড, আখৰোট, তিচি গুটি, অধিক পানী, নাৰিকল পানী, চূপ আৰু ভেষজ চাহ খাব লাগে।
ফেটি লিভাৰত তেলত ভজা বস্তু যেনে চিঙৰা, পকোৰা, ফ্ৰেঞ্চ ফ্ৰাই আদি নাখাব। লগতে মিঠাই, কেক, বিস্কুট, ঠাণ্ডা পানীয়, আচাৰ, পেকেটত থকা স্নেকছ, অতিৰিক্ত নিমখ, এলক’হল আৰু ৰিফাইন কাৰ্ব পৰিহাৰ কৰিব লাগে।
ফেটি লিভাৰত ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়, কাৰণ মেদবহুলতাই ফেটি লিভাৰৰ আটাইতকৈ ডাঙৰ কাৰণ। ইয়াৰ বাবে দৈনিক কমেও ৩০ মিনিট খোজ কঢ়া, যোগাসন বা লঘু ব্যায়াম কৰক।
ফেটি লিভাৰৰ ক্ষেত্ৰত মানসিক চাপ কমাই ভালকৈ টোপনি অহাটো যকৃতৰ স্বাস্থ্যৰ বাবে উপকাৰী।
চাবলৈ ক্লিক কৰক