23 JUNE 2025
TV9 ASSAM
দেওবাৰৰ পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত আৰম্ভ হৈছে অম্বুবাচী মহাযোগ। অহা ২৬ জুনলৈকে চলিব অম্বুবাচী ।
অম্বুবাচীৰ তিনিদিন ভক্তিৰে কিছু কাম কৰিলে ভাল ফল পোৱা যায়। এনে সময়ত মাজনিশা এটা বিশেষ কাম কৰিলে আপোনাৰ ইচ্ছা পূৰণ হ’ব।
কোৱা হয় যে অম্বুবাচীৰ সময়ত মাজনিশা কামাখ্যা দেৱীৰ ওচৰত যদি কোনোবাই আকাংক্ষিত ফলাফল পাবলৈ প্ৰাৰ্থনা কৰে, তেতিয়া সেই ব্যক্তিৰ ইচ্ছা পূৰণ হ’ব।
অম্বুবাচী চলি থকা দিনত আপুনি নিজৰ সামৰ্থ্য অনুসৰি যিকোনো ফল দৰিদ্ৰ লোকক দান কৰিব পাৰে। সেয়া অতি লাভজনক হ’ব।
অম্বুবাচী আৰম্ভ হোৱাৰ ঠিক আগতে তুলসী গছৰ গুৰিত অলপ নতুন মাটি দি গছজোপা অলপ ওপৰলৈ তুলিব লাগে। ইয়াৰ দ্বাৰা শুভ ফল পোৱা যাব।
অম্বুবাচীৰ সময়ত তিনিদিন ৰাতিপুৱা সোনকালে উঠি গা ধুব লাগে। তাৰ পিছত, পৰিষ্কাৰ কাপোৰ পিন্ধি আপোনাৰ পূজনীয় দেৱতাৰ মন্ত্ৰ জপ কৰক।
অম্বুবাচীত তিনিদিনৰ ভিতৰত এটা দিনত স্বামী-স্ত্ৰীয়ে একেলগে ব্ৰত ৰাখিব পাৰিলে ভাল। ইয়াৰ ফলত সম্পৰ্কৰ বান্ধোন মজবুত হয়। দুয়োৰে মাজত প্ৰেম বাঢ়ে।
(এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ ধৰ্মীয় বিশ্বাস আৰু বৈজ্ঞানিক তথ্যৰ পৰা আহৰণ কৰা হৈছে। এই ক্ষেত্ৰত TV9 Assam-এ কোনো দায়িত্ব বহন নকৰে।)
চাবলৈ ক্লিক কৰক