TV9 ASSAM
ভাল স্বাস্থ্যৰ বাবে আমাক ভাল টোপনিৰ প্ৰয়োজন। কিন্তু বিভিন্ন কাৰণত আজিকালি বহুতৰে টোপনিৰ সমস্যা হোৱা দেখা যায়। এই সমস্যাই শৰীৰ আৰু মন দুয়োটাকে প্ৰভাৱিত কৰে।
কিছুমানৰ টোপনি বহু পাতল হয় । কেতিয়াবা বহুবাৰ টোপনিৰ পৰা সাৰ পায় বা কেতিয়াবা সৰু শব্দ শুনিলেও টোপনি ভাঙি যায়। নিশা বাৰে বাৰে টোপনি ভঙা হ'ব পাৰে ৰোগৰ লক্ষণ।
টোপনি বাৰে বাৰে ভাঙি যোৱাৰ কাৰণ বিভিন্ন ধৰণৰ হ'ব পাৰে। ইয়াৰ ভিতৰত মানসিক চাপ, জীৱনশৈলী পৰিবৰ্তন, বেয়া খাদ্য, বেয়া অভ্যাস, ডিপ্ৰেশ্যন, শ্লিপ এপনিয়া আদি হ'ব পাৰে।
এনে সমস্যাৰ পৰা হাত সাৰিবলৈ শুৱাৰ পূৰ্বে হাৰ্বল টি সেৱন কৰা প্ৰয়োজন । ইয়াত থকা এন্টিঅক্সিডেন্টে শৰীৰত ভাল অনুভৱ কৰায়। ইয়াৰ লগতে টোপনিৰ অৱস্থা ভাল কৰে।
নিশা শুৱাৰ পূৰ্বে গাখীৰত হালধী মিহলাই খাব লাগে। ইয়াৰ ফলত মানসিক শান্তি লাভ কৰা যায়। যাৰ ফলত অনিদ্ৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।
ভাল টোপনিৰ বাবে খাদ্য ভাল হোৱা প্ৰয়োজন। নিশা লঘু আহাৰ গ্ৰহণ কৰিব লাগে। মচলাযুক্ত খাদ্য খাব নালাগে। গতিকে লঘু আহাৰ খালে টোপনিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।
এই লেখাটোত কিছুমান সাধাৰণ বিষয় উত্থাপন কৰা হৈছে। একেৰাহে কেইবাদিন টোপনি নহাৰ কাৰণ বহু হ'ব পাৰে। এই ক্ষেত্ৰত সাৱধান হোৱা আৰু চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।
পঢ়িবলৈ ক্লিক কৰক