26 Dec 2025
TV9 ASSAM
চাণক্যই মানুহক বিভিন্ন উপদেশ দি গৈছে। আজিৰ সময়তো বহুতে চাণক্য নীতি মানি চলা দেখা যায়। কোৱা হয়, চাণক্য নীতিয়ে পথ প্ৰদৰ্শন কৰে।
ধন-সম্পত্তিক সকলোৰে প্ৰয়োজন হয়। কিন্তু কিছুমান মানুহৰ হাতত ধন নাথাকে। চাণক্যৰ মতে, কিছুমান ভুলে মানুহক দৰিদ্ৰ কৰি পেলায়।
চাণক্যৰ মতে, যি লোকে ধনক লৈ অহংকাৰ কৰে তেনে লোকৰ হাতত বেছিদিন টকা নাথাকে। এনে লোকৰ পৰা মা লক্ষ্মী অসন্তুষ্ট হয়। যাৰ বাবে দৰিদ্ৰতাৰ আগমন হয়।
চাণক্যৰ মতে, মানুহে সদায় প্ৰয়োজন অনুসৰি টকা খৰচ কৰিব লাগে। অযথা খৰচ কৰিলে মানুহ ধ্বংস হৈ যাব পাৰে। টকাক সন্মান কৰিব লাগে। অন্যথা হাতত টকা নাথাকে।
যদি কোনো মানুহ প্ৰয়োজনতকৈ বেছি কৃপন তেন্তে তেনে লোকৰ দৰিদ্ৰতা অহা নিশ্চিত। মানুহে নিজৰ সামৰ্থৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু প্ৰয়োজনত আনক সহায়ো কৰিব লাগে।
চাণক্যৰ মতে, এলেহুৱা মানুহৰ উন্নতি সম্ভৱ নহয়। যি লোকে কাম কৰিবলৈ এলাহ কৰে তেনে লোকৰ পৰা মা লক্ষ্মী অসন্তুষ্ট হয়। এনে লোকৰ সহায় ধনৰ সৈতে জড়িত সমস্যা থাকে।
ইয়াৰোপৰি বেয়া পথৰ দ্বাৰা আয় কৰা ধন বেছি দিন নাথাকে। এনে ধনে মানুহক কিছু সময় সুখ দিব পাৰে। কিন্তু পাছলৈ ই সুখ-শান্তি, সন্মান ধ্বংস কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক