TV9 ASSAM
শীতকালত ডিহাইড্ৰেছনৰ লগতে দেহত চৰ্বি বৃদ্ধি পোৱাৰ বাবে বৃক্কত অধিক চাপ পৰে। এনে অৱস্থাত কিছুমান বনৌষধি বৃক্কৰ স্বাস্থ্য ৰক্ষাত সহায়ক হয়।
হালধিত থকা কাৰকুমিনে বৃক্কৰ কোষক সুৰক্ষা প্ৰদান কৰাৰ লগতে আৰু প্ৰদাহ হ্ৰাস কৰে। উপকাৰিতাৰ বাবে গাখীৰ, পানীৰ সৈতে হালধি মিহলাই খাব পাৰে।
ডালচেনীয়ে বৃক্কৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰাৰ লগতে সুষম ৰক্ত সঞ্চালন বজাই ৰাখে। গাখীৰ বা বনৌষধি চাহৰ সৈতে ডালচেনী মিহলাই খাব পাৰে।
আদাৰ প্ৰদাহ নিবাৰণকাৰী আৰু সংক্ৰমণ প্ৰতিৰোধী গুণ আছে। ই হজম শক্তি উন্নত কৰাৰ লগতে বৃক্কৰ বিষাক্ত পদাৰ্থসমূহ বাহিৰ কৰাত সহায় কৰে।
মেথি গুটিত থকা এণ্টিঅক্সিডেণ্ট গুণে বৃক্কত জমা হোৱা ক্ষতিকাৰক পদাৰ্থ আঁতৰোৱাত সহায় কৰে। দৈনিক তিয়াই থোৱা মেথি গুটি খালে বহু উপকাৰ পোৱ যায়।
অশ্বগন্ধাই বৃক্কৰ কাৰ্যক্ষমতা উন্নত কৰাৰ লগতে মানসিক চাপ কমোৱাত সহায় কৰে। ইয়াৰ আন বহুতো দেহ উপকাৰী গুণ আছে।
গিলয়ৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা গুণ আছে আৰু ই শৰীৰক বিষমুক্ত কৰে। ইয়াৰ গুণে বৃক্ক পৰিষ্কাৰ কৰাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক
হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী এইকেইবিধ খাদ্য