নখৰ এই ৰং হ'ব পাৰে কোনো ৰোগৰ সংকেত...

19 May 2025

TV9 ASSAM

বিভিন্ন সময়ত মানুহৰ নখৰ ৰং সলনি হোৱা দেখা যায়।  নখৰ ৰং হালধীয়া হ'লে ই যকৃত বা পাচনতন্ত্ৰৰ লগত জড়িত কোনো সমস্যাৰ সংকেত হ'ব পাৰে।  গতিকে সাৱধান হোৱা ভাল।

হালধীয়া নখ

 কেতিয়াবা নখসমূহ বগা বা শেতা পৰি যোৱা দেখা যায়। সাধাৰণতে শৰীৰত কেলছিয়ামৰ অভাৱ হোৱাৰ ফলত নখ বগা পৰে। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

বগা নখ

কিছুমান মানুহৰ নখ বাৰে বাৰে ভাঙি যায় বা দীঘল হোৱাৰ লগে লগে ভাঙে। ভিটামিন বি আৰু বায়োটিনৰ অভাৱত নখসমূহ বাৰে বাৰে ভাঙে। গতিকে খাদ্যত গুৰুত্ব দিব লাগে।

ভঙা নখ

কিছুমানৰ নখ অতি শকত বা ডাঠ হোৱা দেখা যায়। শকত নখ থাইৰয়ডৰ লগত জড়িত সমস্যাৰ সংকেত হ'ব পাৰে। উল্লেখ্য যে, পৰীক্ষা কৰিলে থাইৰয়ডৰ বিষয়ে জানিব পৰা যায়।

ডাঠ নখ

কেতিয়াবা দেখা যায় যে কোনো মানুহৰ নখৰ ৰং হঠাতে সলনি হৈ যায়। ই কোনো ডাঙৰ সংকেত হোৱাৰ সম্ভাৱনা থাকে। নখে আমাক আমাৰ স্বাস্থ্যৰ বিষয়ে জনায়।

সলনি

নখ সদায় চাফা কৰি ৰাখিব লাগে। মাজে সময়ে নখ কটাৰ উপৰি গুড়িবোৰ  চাফা কৰিব লাগে। কিয়নো হাতৰ নখৰ সংস্পৰ্শ খাদ্যৰ জৰিয়তে আমাৰ পেটলৈ যায়।

পৰিস্কাৰ 

এই ক্ষেত্ৰত অধিক জানিবলৈ আপুনি চিকিৎসকৰ সহায় লোৱা দৰকাৰ। উল্লেখ্য যে , শৰীৰে আমাক নখৰ জৰিয়তে বিভিন্ন বেমাৰৰ সংকেত দিয়ে। গতিকে এয়া জনা দৰকাৰ।

চিকিৎসক

পৃথিৱীত বহু ধৰণৰ ৰোগ আছে। ইয়াৰে কিছুমান ৰোগ অত্যন্ত ভয়াবহ। কিছুমান ৰোগৰ চিকিৎসা নাই আৰু কিছুমানে প্ৰাণ লয়।  আহক জানো পৃথিৱীৰ সবাতোকৈ ভয়ংকৰ ৬টা ৰোগ।

বিৰল ৰোগ