বাৰে বাৰে মুখ ধোৱাৰ ফলত কি হয়?

12  AUG 2025

TV9 ASSAM

কিছুমান মানুহৰ বাৰে বাৰে মুখ ধোৱাৰ অভ্যাস আছে। তেনে লোকসকলে ভাবে যে বাৰে বাৰে মুখ ধোৱাৰ ফলত মুখখন পৰিষ্কাৰ হৈ থাকিব। কিন্তু, যদি আপুনি এনে কৰে তেন্তে সাৱধান হোৱা দৰকাৰ।

মুখ ধোৱা 

বাৰে বাৰে মুখ ধোৱাৰ ফলত কিছু সময়ৰ বাবে মুখখন পৰিষ্কাৰ যেন লাগিব পাৰে।  কিন্তু এই অভ্যাস ছালৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

কি হয়

বাৰে বাৰে মুখ পানীৰে ধোৱাৰ ফলত ছালৰ কোষবোৰৰ ক্ষতি হ'ব পাৰে। ইয়াৰ ফলত মুখত সময়তকৈ আগতে বলিৰেখা আৰু দাগ বহিব পাৰে। অকালতে ছাল বৃদ্ধ যেন লাগিব পাৰে।

কোষ

বাৰে বাৰে মুখ খোৱাৰ ফলত ডাঙৰ ক্ষতি হ'ব পাৰে। ইয়াৰ ফলত ছালৰ পি এছ লেভেল নষ্ট হ'ব পাৰে। গতিকে বাৰে বাৰে মুখ ধুই থকা ছালৰ বাবে বেয়া।

কি হ'ব পাৰে

বাৰে বাৰে মুখ ধুই থকাৰ ফলত ছালৰ প্ৰাকৃতিক তেল বাহিৰ হ'ব পাৰে। ইয়াৰ ফলত ছাল শুকান হব পাৰে। ছাল শুকান হ'লে আৰু বহু সমস্যাই লগ দিয়ে।

প্ৰাকৃতিক তেল

দীৰ্ঘ সময় ধৰি বাৰে বাৰে মুখ ধোৱাৰ ফলত মুখত প্ৰতিক্ৰিয়া হ'ব পাৰে। ইয়াৰ ফলত ছালত ৰঙা দাগ, খজুৱতি, জলা পোৰা আদিৰ দৰে সমস্যা হ'ব পাৰে।

দাগ

বাৰে বাৰে মুখ ধোৱাৰ ফলত মুখত ছিদ্ৰৰ সমস্যা হ'ব পাৰে। সৰু সৰু ফুটাবোৰত অতিৰিক্ত তেল জমা হ'ব পাৰে। ইয়াৰ ফলত ক'লা দাগ, বগা দাগ আদিৰ দৰে সমস্যা হ'ব পাৰে।

ছিদ্ৰ

পঢ়িবলৈ ক্লিক কৰক 

লক্ষ্মী-নাৰায়ণ যোগ